31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰী জিলা উপায়ুক্তক স্মাৰক পত্ৰ নলবাৰী জিলা আমছুৰ

    ♦ নলবাৰী জিলাৰ অন্তৰ্গত বিভিন্ন গাঁও-পঞ্চায়তৰ মূখ্য পথ সমূহ জৰাজীৰ্ণ হৈ এজাক বৰষুণ পৰিলেই সৰ্বসাধাৰণ ৰাইজৰ যাতায়ত ব্যৱস্থা অতি ব্যাহত হৈ পৰে। যাৰ ফলত স্কুলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলে স্কুলত সময় মতে গৈ নাপায়। বেমাৰী লোক সকলক উন্নত চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে ১০৮ বা এম্বুলেঞ্চ উক্ত জৰাজীৰ্ণ পথৰ বাবে নাহে।
    যাৰ বাবে নলবাৰী জিলা আমছুয়ে উপায়ুক্তক ৭ দফীয়া দাবীৰে কৰ্তৃপক্ষৰ জৰিয়তে‌ ‌পথ সমূহৰ জৰীপ কৰাই যাতায়তৰ উপযোগী কৰিবলৈ নলবাৰী জিলা সমিতি, আমছুৰ সাধাৰণ সম্পাদক উমৰ আলীৰ স্বাক্ষৰিত স্মাৰক পত্ৰ জৰিয়তে দাবী জনায়। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক আমিৰুল ইছলাম, আল্লিয়া আঞ্চলিক সমিতিৰ সহঃ সাধাৰণ সম্পাদক নাজমুল ইছলাম।

    নলবাৰী জিলা সমিতিৰ
    দাবী সমূহঃ
    ১. বৃহত্তৰ নলবাৰী জিলাৰ বিভিন্ন পঞ্চায়তৰ মূখ্য পথ সমূহ উন্নয়ন কৰা হ‌ওঁক।
    ২. নলবাৰী সমষ্টিৰ ১৭নং আল্লিয়া গাওঁ পঞ্চায়তৰ বডফা প্ৰাথমিক বিদ্যালয়ৰ পৰা গড়গড়ী লক্ষ্মী মন্দিৰ হৈ পি.বি আঞ্চলিক এম ই মাদ্ৰাছাৰ পৰা গড়গড়ী চক হৈ দ্বাৰকুছি কলংগী পাৰলৈ সংযোগী পথটো অতি শীঘ্ৰেই পকী কৰণ কৰা হ‌ওঁক।
    ৩. ১৭ নং আল্লিয়া গাঁও পঞ্চায়তৰ সৌ মাজেৰে বৈ যোৱা নোনা নদীৰ দলংখন অতি শীঘ্ৰেই সম্পূৰ্ণ কৰা হ‌ওঁক।
    ৪. নলবাৰী সমষ্টিৰ খাটিকুছি পঞ্চায়তৰ একডালিয়া চকৰ পৰা মথাউৰি সংযোগী পথটো অতি শীঘ্ৰেই নিৰ্মাণ কৰা হ‌ওঁক।
    ৫. ঘগ্ৰাপাৰৰ পৰা তামুলপুৰ সংযোগী পথটো অতি শীঘ্ৰেই মেৰামতি কৰা হ‌ওঁক।
    ৬. ধৰ্মপুৰ সমষ্টিৰ কাছিমপুৰ এল পি স্কুলৰ পৰা গৈবাৰী সংযোগী পথটো অতি শীঘ্ৰেই পকী কৰণ কাৰা হ‌ওঁক।।
    ৭. নলবাৰী চহৰত ঠায়ে ঠায়ে নলা নথকাৰ বাবে এজাক বৰষুণতেই বাট-পথত পানী জমা হয়। গতিকে অতি শীঘ্ৰেই সেই ঠাইবোৰত নলাৰ ব্যৱস্থা কৰা হ‌ওঁক।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds