বিতর্কৰ আৱৰ্তত বিশিষ্ট লেখিকা শিখা শৰ্মা

♣ বিতর্কৰ আৱৰ্তত বিশিষ্ট লেখিকা শিখা শৰ্মা।
অসমৰ বিশিষ্ট লেখিকা শিখা শৰ্মাৰ এটি বিশেষ ফেচবুক পোষ্ট ভাইৰেল হৈছে এতিয়া চচিয়েল মিডিয়া ত। উল্লেখযোগ্য যে, চট্টিশগডত সংঘটিত হোৱা ভয়ংকৰ মাওবাদী আক্রমণত দেশৰ ২২ জন জোৱানৰ ভিতৰত অসমৰ ২ জন জোৱান শ্বহীদ হোৱাৰ বাতৰি আহে। নিৰ্বাচনৰ গৰম বতাহৰ সময়ত আহি পৰা খবৰে সকলোকে অধিক শোকসন্তপ্ত কৰি তুলিছিল। ঠিক সেই সময়তে অসমৰ বিশিষ্ট লেখিকা শিখা শৰ্মায়ে শ্বহীদদ্বয়ক  উদ্দেশ্যে ফেচবুকত কৰিছিল এটা আপত্তিজনক পোষ্ট “দৰমহা লৈ চাকৰি কৰা মানুহ কৰতবয়ত মৰিলে শ্বহীদ নহয়। তেনেকৈ হলে বিদ্যুৎপৃষ্ট  হৈ মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ। ৰাইজক আৱেগিক নকৰিব। সংবাদ মাধ্যম”
ইয়াৰ পিছতে তীব্র প্রতিক্রিয়া চচিয়েল মিডিয়া ত। শিখা শৰ্মা ক থকা-সৰকা কৰিলে বহুজনে সমালোচনাৰ মুখামুখি হল একাংশ সচেতন মহলৰ। কথাত কটা যায়, কথাত বটা পায়। উক্ত বাক্য শাৰী আখৰে আখৰে সচাঁ প্রমাণ হল শিখা শৰ্মাৰ ক্ষেত্রত। শ্বহীদদ্বয়ৰ লগতে সংবাদ মাধ্যমকো কৰিলে চূড়ান্ত অপমান।
শিখা শৰ্মাৰ প্রতি দু-আষাৰ:-
বাইদেউ, সকলোৰে আপুনি বহু শ্ৰদ্ধাৰ আছিল। কিন্তু আপোনাৰ এটা ভূল মনোভাৱৰ বাবে সকলোৰে গৰিহণা প্রাত হবলগীয়া হৈছে। মানুহ মানেই ভূল। যদি আপোনাৰ মনোভাব ভূল বুলি  অনুভৱ কৰিছে তেন্তে অতিশীঘ্রই শ্বহীদ পৰিয়াল তথা সমগ্র অসমবাসী ৰাইজ আৰু সংবাদ মাধ্যমৰ আগত ভূল স্বীকৰ কৰি ক্ষমা খোজাটো  উচিত বুলি ভাৱো।
          শ্ৰী অসীম কুমাৰ বৰা
         চিমেন চাপৰি (ধেমাজি)
        ম নং – ৮১৩৩৯৮২৬৫৮

Be the first to comment

Leave a Reply

Your email address will not be published.


*