নলবাৰী জিলাৰ দীপ্তাত নিশা প্ৰায় ২০০ লিটাৰ কেৰাচিন তেল জব্দ কৰে স্থানীয় ৰাইজে। সুলভ মূল্যৰ দোকানৰ এজেন্ট ৰূপধন আলীয়ে চোৰাংকৈ বিক্ৰী কৰিব লৈছিল তেলখিনি। ৰাইজে AS 01 DT 9704 নম্বৰৰ এখন মাৰুতি গাড়ী সহিতে জব্দ কৰে তেলখিনি। তেল জব্দ কৰাৰ সময়ত খৰ্গহস্থ এজেন্ট ৰূপধনৰ ভতিজাক ৰাকিব আলী নামৰ ব্যক্তিজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আজাহাৰ আলীক। আক্ৰমণত আজাহাৰ আলী আঘাত প্ৰাপ্ত হয়। ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত চলাই গাড়ীৰ হেন্দিমেন মুজাহিদ আলীক আটক কৰে। আনফালে গাড়ী চালক তথা চোৰাং তেল ক্ৰতা আলীমুদ্দিনে পলাই পত্ৰং দিয়ে। উল্লেখ্য যে ৰূপধন আলীয়ে পূৰ্বৰে পৰাই সুলভ মূল্যৰ চাউল, কেৰাচিন তেল বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। দুখীয়া লোকৰ বাবে অহা সুলভ মূল্যৰ সামগ্ৰী হিতাধিকাৰীক নিদি গোপনে বিক্ৰী কৰা ৰূপধন আলীৰ ওপৰত ব্যৱস্থা লবলৈ স্থানীয় ৰাইজে দাবী জনায়।
Leave a Reply