■ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক ২০২২-২৩ বৰ্ষৰ স্কোপ উৎকর্ষতা বঁটা প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্বাধীনতাৰ সময়ৰে পৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ অৰ্থনৈতিক বিকাশ আৰু সামাজিক অন্তৰ্ভুক্তিৰ শক্তিশালী কাৰক হিচাপে বিবেচিত হৈছে।
ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক তেওঁ ঔদ্যোগিকীকৰণ, আন্তঃগাঁথনি উন্নয়ন, সামাজিক উৎকৰ্ষতা আৰু সন্তুলিত আঞ্চলিক উন্নয়নৰ দিশৰ আধাৰ বুলিও অভিহিত কৰে।
অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় বিত্ত দপ্তৰৰ ৰাজ্যমন্ত্ৰী পংকজ চৌধাৰীয়ে কয় যে ৰাজহুৱা প্ৰতিষ্ঠানসমূহে ৰাষ্ট্ৰ গঠনৰ প্ৰতি গুৰুত্বপূৰ্ণ অৰিহনা আগবঢ়োৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো স্বকীয় পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছে।
অনুষ্ঠানত ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ সচিব কে মোজেছ চালাই, স্কোপৰ অধ্যক্ষ কে পি মহাদেৱ স্বামী আৰু সঞ্চালক প্ৰধান অতুল ছটিয়েও ভাষণ দিয়ে।







