লিডুৰ পৰা দেৱজিত বৰাঃ ডি বি প্ৰডাকচনৰ নিবেদনত অসমৰ অন্যতম দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ৰিংকী ৰিয়া ভৰালী আৰু ডি শংকৰ গামৰ কণ্ঠত এটি নতুন গীত ইতিমধ্যে শুভমুক্তিৰ বাবে সাজু হৈ উঠিছে৷ গীতটিৰ কথা নয়ন লৃগাঙৰ৷ ‘মৰমৰ কওৱা’ শীৰ্ষক গীতটিৰ সুৰ নয়ন লৃগাং আৰু পংকজ পায়েঙৰ৷ গীতটিৰ সংগীত ব্যৱস্থাপনা কৰিছে অনুৰাগ মেধিয়ে৷
মাজুলীৰ মনোৰম স্থানত দৃশ্য গ্ৰহণ কৰা দৃশ্য-শ্ৰাব্য গীতটিৰ কৰিঅ’গ্ৰাফী মাইনা ডেকা আৰু ভিডিঅ’গ্ৰাফী কৰিছে ৰাজীৱ দাসে৷ গীতটিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ অন্যতম এগৰাকী প্ৰসিদ্ধ অভিনেতা দেৱাশিষ বৰঠাকুৰ জনপ্ৰিয় শিল্পী বেবী কোচ আৰু সহযোগ কৰিছে তেওঁৰ সংগীবৃন্দই৷ মনপৰশা দৃশ্য-শ্ৰাব্য গীতটিয়ে অসমৰ সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকক নতুনত্বৰ সোৱাদ দিব বুলি এশ শতাংশই আশা কৰিব পাৰি। মিচিং আৰু অসমীয়া দুটা ভাষাত প্ৰস্তুত কৰা আৰু অতি শীঘ্ৰে মুক্তি পাব লগা দৃশ্য-শ্ৰাব্য গীতটি ৰিংকী ৰিয়া মিউজিকেল (Rinki Riya Musical) ইউটিউব চেনেল যোগে সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকৰ বাবে উপলব্ধ হ’ব বুলি প্ৰডাকচনটোৱে ইতিমধ্যে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
(বিঃদ্ৰঃ ‘কওৱা’ মিচিং ভাষাৰ অৰ্থ ল’ৰা)




