অহা ১ জুলাইৰ পৰা গুৱাহাটী পৌৰ নিগমৰ পানী যোগান বন্ধ

● গুৱাহাটী মহানগৰীত জল বোর্ডে সামৰি লোৱা অঞ্চলসমূহত অহা ১ জুলাইৰ পৰা গুৱাহাটী পৌৰ নিগমে পানী যোগান বন্ধ কৰিব বুলি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই এখন জাননী যোগে এই কথা প্ৰকাশ কৰিছে। উল্লিখিত জাননী অনুসৰি জল বোৰ্ডৰ অধীনত পানী সংযোগৰ বাবে পৌৰ নিগমৰ ৰেচন কার্ড থকা গ্রাহকসকলে ৩০ দিনৰ ভিতৰত আবেদন কৰিলে তেওঁলোকৰ বাবে পানী সংযোগৰ সমুদায় ৯,৫০০ টকা গুৱাহাটী পৌৰ নিগমে বহন কৰিব। জল বোৰ্ডৰ অধীনত পানী যোগান প্ৰক্ৰিয়াত নাগৰিকসকলক উৎসাহিত কৰাৰ বাবে নিগমে এই পদক্ষেপ গ্ৰহণ কৰিছে।
■ পানবজাৰ পানী যোগান প্ৰকল্পত বৈদ্যুতিক খুঁটা সলনিৰ বাবে আজি আৰু কাইলৈ গুৱাহাটীৰ ১৬টা স্থানত পানীযোগান ব্যাহত হ’ব। নিগমে জাৰি কৰা এখন বিবৃতি অনুসৰি মেৰামতিৰ সময়ছোৱাত পানবজাৰ, ফাঁচী বজাৰ, আঠগাঁও, এ টি ৰোড, ছাত্ৰীবাৰী, পল্টন বজাৰ, ৰিহাবাৰী, কছাৰীবস্তি, বি বৰুৱা পথ, উলুবাৰী, গান্ধীবস্তি, দক্ষিণ শৰণীয়া, লাচিত নগৰ, ভঙাগড়, ৰাজগড় আৰু পূব শৰণীয়াত পানী যোগান ব্যাহত হ’ব।

News Source: Akashvani Guwahati

Be the first to comment

Leave a Reply

Your email address will not be published.


*