31.3 C
Guwahati
Saturday, October 25, 2025
More

    শেহতীয়া আপডেটঃ

    লেখক-সাংবাদিক কবিৰ শইকীয়াৰ ‘যকৃৎ A TO Z’ গ্ৰন্থ উন্মোচন বিশিষ্ট লেখক ময়ুৰ বৰাৰ

    চিৰচিছ সদৃশ দুৰ্নীতিয়ে সমাজৰ যকৃৎক খুলি খুলি খাইছেঃ ময়ুৰ বৰা

    “চিৰচিছ সদৃশ দুৰ্নীতিযে আমাৰ সমাজৰ যকৃৎক খুলি খুলি খাইছে। শৰীৰৰ যকৃৎৰ লগতে সমাজৰ যকৃৎ সুস্থ কৰাৰ প্ৰয়োজনীয়তা আছে।” এই মন্তব্য বিশিষ্ট লেখক তথা বুদ্ধিজীৱি ময়ুৰ বৰাৰ। গুৱাহাটীৰ নন্দন হোটেলৰ সভাকক্ষত আজি লেখক+ সাংবাদিক কবিৰ শইকীয়াৰ অনুবাদ গ্ৰন্থ “যকৃৎ A TO Z” উন্মোচন কৰি এই মন্তব্য কৰে বিশিষ্ট লেখক গৰাকীয়ে। ভাষণ প্ৰসংগত বৰাই এই গ্ৰন্থ খনে অসমৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত লিভাৰ ৰোগ সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰিব বুলি মন্তব্য কৰে।

    হায়দৰাবাদৰ যশোদা হাস্পতালৰ যকৃৎ ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ কে এছ সোমাশেখৰ ৰাওৰ মূল তথ্যৰে কবিৰ শইকীয়াই অনুবাদ কৰা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই অসমত যকৃৎ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাৰ কথা উল্লেখ কৰি গ্ৰন্থ খনে ৰাইজক বিশেষভাৱে উপকৃত কৰিব বুলি মন্তব্য কৰে।সভাত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট সাংবাদিক তথা দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকনে ভাষণত এই গ্ৰন্থখনে লিভাৰ ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিব বুলি মন্তব্য কৰে। আন এজন বিশিষ্ট অতিথি বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীয়ে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। তেঁও লগতে পাঠ্যপুথিৰ মাজলৈ এইবোৰ গ্ৰন্থ, বিষয় নিব লাগে বুলি উল্লেখ কৰে। সভাত হায়দৰাবাদৰ যশোদা হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ কে এছ সোমাশেখৰ ৰাওৱে তেওঁক এই সুযোগ দিয়া বাবে অসম বাসীক ধন্যবাদ জনায়। ‘গ্ৰন্থখনৰ অনুবাদক, বিষয়ে সাংবাদিক, লেখক কবিৰ শইকীয়াই গ্ৰন্থখনৰ আৰৰ কথা কয়।তেওঁ লগতে কয়-এই গ্ৰন্থখন সহজ-সৰল ভাষাত লিখা হৈছে। ইয়াৰ জৰিয়তে পাঠক সমাজ উপকৃত হ’ব বুলি আশা কৰিলোঁ। অসমৰ গাঁৱে ভূঞে যাতে গ্ৰন্থখনৰ পাঠক সমাজ উপকৃত হ’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থখন লিখা হৈছে।’ সাংবাদিক জোতিস্মান শৰ্মাই আঁত ধৰা সভাখনত যশোদা হস্পিতালৰ সহকাৰী মহা প্ৰবন্ধক উজ্বল সাইকীয়াসহ বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds