গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী: ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ (Development Digitally Group) নামৰ ৱাটচআপ গোটৰ উদ্যোগত ৭ মাৰ্চত এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা আয়োজন কৰা হৈছে। এই কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই।
এই কৰ্মশালাখনি গুগল মিটৰ যোগেদি অনুষ্ঠিত হ’ব আৰু ইয়াত যোগদান কৰিবৰ বাবে ক’ড (code ) হ’ল tmu-vngn-sqa। এই কৰ্মশালাখনিৰ সবিশেষ জানিব বিচৰা আগ্রহী শিক্ষাৰ্থীতথা অভিভাৱকসকলে ই-মেইল developmentdigitally@gmail.com ত যোগাযোগ কৰিব পাৰিব বুলি ৱাটচআপ গোটৰ প্রশাসক বিমল বৰাই জানিব দিছে।
Leave a Reply Cancel reply