♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ
গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত পাখিৰীগুৰিত কৰ’নাৰ গণ সংক্ৰমণ৷ কৃষ্ণাই ৰে’ল ষ্টেচনৰ নিচেই কাষৰীয়া পাখিৰীগুৰি গাঁৱত একেটা পৰিয়ালৰ ১১ সদস্যসহ কৰ’নাত আক্ৰান্ত হৈছে মুঠ ১৭ লোক৷
পৰিস্থিতিৰ দ্ৰুতগতিত অৱনতি লৈ লক্ষ্য ৰাখি ইতিমধ্যে জিলাখনৰ অন্য তিনিটা অঞ্চলৰ লগতে খামাৰ পাখিৰী ধুন্দিপাৰা অঞ্চলটোকো কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসন৷ সেই অনুসৰি আজি পাখিৰীগুৰি গাঁৱৰ বাট পথ সমূহ বন্ধ কৰি দিলে আৰক্ষী প্ৰশাসনে৷
অত্যাৱশ্যকীয় সেৱা আৰু অতি জৰুৰী পৰিস্থিতিৰ বাহিৰে কোনো লোককে গাঁও খনত প্ৰৱেশ প্ৰস্থানত বাধা আৰোপ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে, গোৱালপাৰা জিলাত কৰ’না ৰোগীৰ সংখ্যাই ইতিমধ্যে প্ৰায় ৭শ ঘৰ অতিক্ৰম কৰিছে৷ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ১৭ জনকৈ লোক৷
প্ৰণিধানযোগ্য যে কৰ’নাৰ দ্বিতীয় লহৰত জিলাখনত চহৰ অঞ্চলতকৈ গ্ৰাম্যাঞ্চলত আক্ৰান্ত হৈছে অধিক লোক৷ ৰোগীৰ সংখ্যাধিক্যলৈ চাই ইতিমধ্যে জিলা প্ৰশাসনে পাখিৰীগুৰিৰ লগতে বৰবৰী,নাৰেংগাবাৰী আৰু ডুবাপাৰা অঞ্চল কেইটাক কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে।
Leave a Reply