আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ নতুন কমিটী গঠন

গুৱাহাটীঃ গুৱাহাটীৰ বৰবৰীস্থিত সুদৰ্শনালয়ৰ প্ৰেক্ষাগৃহত পাঁচ জানুৱাৰীৰ বিয়লি আয়ুৰ্বেদিক চিকিৎসা সন্থা (Ayurvedic Medical Organisation) ৰ তৃতীয় বাৰ্ষিক অধিবেশন সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয়। সাধাৰণ সম্পাদক ডাঃ বিষ্ণু চৌধুৰীয়ে ২০২৪ বৰ্ষৰ সম্পাদকীয় প্ৰতিবেদন পাঠ আৰু ‌কামৰ খতিয়ান দাঙি ধৰে।

সভাত মূখ্য অতিথি হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাক্তন ক্ষেত্ৰ প্ৰচাৰক উলাস কুলকাৰ্নী, নিমন্ত্ৰণ অতিথি হিচাপে সেৱা ভাৰতীৰ জেষ্ঠ সদস্য প্ৰদীপ নাহটাই ভাগ লৈ সন্থাই জনসাধাৰণৰ বাবে কৰি থকা কামৰ প্ৰশংসা কৰে। আনহাতে সভাত সৰ্বসন্মতি ক্ৰমে আগন্তুক কাৰ্যকালৰ বাবে ডাঃ অৰবিন্দ দাসক‌ সভাপতি আৰু ‌ডাঃ অভিজিত দে’ক সাধাৰণ সম্পাদক হিচাপে লৈ সন্থাৰ নতুন কাৰ্যকৰী কমিটীখন গঠন কৰা হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*