জালুকবাৰীঃ যান-বাহন আৰু সাধাৰণ পথাচাৰীৰ স্বাভাৱিক যাতায়াতত ব্যাঘাটৰ সৃষ্টি কৰি পথৰ দাঁতিত আৰু পদপথৰ ওপৰত অবৈধভাবে দোকান-পোহাৰ দি বিশৃংখল পৰিবেশৰ সৃষ্টি কৰি অহা লোকসকলৰ বিৰূদ্ধে গুৱাহাটী পৌৰ নিগমৰ এনফর্চমেণ্ট শাখাই মহানগৰীত উচ্ছেদ অভিযান চলাই আহিছে।
ইয়াৰ অংশহিচাপে আজি জালুকবাৰীৰ পৰা খানামুখলৈ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা সকলো অবৈধ দোকান-পোহাৰৰ বিৰূদ্ধে নিগমৰ এনফর্চমেণ্ট শাখাই এক অভিযান চলায়। অভিযান কালত চৰকাৰ, পৌৰ নিগমক কৰ ফাকি দি পথৰ দাঁতিত বহু দিনৰ পৰা বহিঃ ৰাজ্যৰ পৰা আহি শিশুৰ খেলনাকে ধৰি বিভিন্ন সামগ্ৰী বিক্ৰী কৰি অহা কেবাখনো দোকান উচ্ছেদ কৰা হয়। অভিযানৰ দায়িত্বত থকা বিষয়াই সদৰি কৰা অনুসৰি একাংশ তেনে দোকানত তেঁওলোকে পৰিয়ালসহ বাস কৰি পৰিবেশটো দূষিত কৰিছিল। আনকি গাড়ী চালকৰ সামান্য অসাবধানতাৰ বাবে দুৰ্ঘটনা সংঘটিত হলে এক ভয়াবহ পৰিস্থিতি সৃষ্টি হোৱাৰ আশঙ্কা আছিল।
Leave a Reply