গুৱাহাটীৰ কলাক্ষেত্ৰত বিশিষ্ট নাগৰিকসকলক লৈ বিশ্ব হিন্দু পৰিষদৰ নাগৰিক সভা অনুষ্ঠিত

গুৱাহাটীঃ গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত কালি বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূৱ প্ৰান্তৰ উদ্যোগত আৰু বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূৱ প্ৰান্তৰ সভাপতি পৰেমেশ দত্তৰ সভাপতিত্বত এখনি নাগৰিক সভা অনুষ্ঠিত হৈ যায়, য’ত উপস্থিত আছিল ৰাজধানী চহৰৰ বহুতো বিশিষ্ট নাগৰিক। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় মহামন্ত্ৰী বজৰংলাল বাগৰা আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ক্ৰমে অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু বিশিষ্টা লেখিকা মণিকুন্তলা ভট্টাচাৰ্য্য।


কাকতলৈ প্ৰেৰণ কৰা বিবৃত্তিটোত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূৱ প্ৰান্তৰ সম্পাদক ব্ৰজজ্যোতি শৰ্মাই কয় যে নাগৰিক সভাখনৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় মহামন্ত্ৰী বজৰংলাল বাগৰাই উপস্থিত বিশিষ্ট নাগৰিকসকলক সম্বোধন কৰি জানিবলৈ দিয়ে যে দেশৰ পৰিস্থিতি বৰ্তমান শোচনীয়। দেশত মুছলমান আগ্ৰাসনে ভয়াবহ ৰূপ লোৱাৰ লগে লগে হিন্দু সমাজ সংখ্যালঘুত পৰিণত হৈছে। ইয়াৰ দ্বাৰা হিন্দু সমাজ, হিন্দু সভ্যতাৰ প্ৰতি ভাবুকি হৈ পৰা যেন অনুমান হৈছে।

বিশেষকৈ অসম, পশ্চম বংগ আৰু ত্ৰিপুৰা বাংলাদেশৰ চুবুৰীয়া ৰাজ্য হোৱা হেতুকে মুছলমান বাংলাদেশীৰ আগ্ৰাসনে ৰাজ্য কেইখনলৈ ভাবুকিৰ সৃষ্টি কৰিছে। ভাষণ প্ৰসংগত বাগৰাই কয়, ইয়াৰ বাবে অৱশ্যে পূৰ্ব্বৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সম্পূৰ্ণ জগৰীয়া। তেখেতসকলৰ সোপা-ঢিলা নীতিৰ বাবেই আজি এনে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেখেতে আৰু কয়, হিন্দু সভ্যতা প্ৰাচীন কালৰে পৰা শান্তি প্ৰিয়, কিন্তু যুগ যুগ ধৰি অশান্তিৰ বিষ-বাস্প বিয়পাই আহিছে মুছলমানসকলেই, যিটো মই কোৱা নহয় ইতিহাসেও কয়। সেয়েহে আজিৰ দিনত আমি সজাগ হোৱাৰ প্ৰয়োজন আহি পাৰিছে। গতিকে সজাগতা সৃষ্টিৰ বাবেই মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। অৱশ্যে এই বিষয়ে আমাৰ তৰফৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক অৱগত কৰা হৈছে।


সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা কুমাৰ সঞ্জয় কৃষ্ণ আৰু মণিকুন্তলা ভট্টাচাৰ্য্যই হিন্দু সভ্যতা আৰু নাগৰিকসকলৰ সজাগতাৰ ওপৰত সুন্দৰ ভাষাণ ৰাখে বুলি উত্তৰ-পূৱ প্ৰান্তৰ সম্পাদক ব্ৰজজ্যোতি শৰ্মাই জানিবলৈ দিয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*