শেহতীয়া আপডেটঃ

সদৌ অসম ভিত্তিত ষষ্ঠ বাৰ্ষিক স্বৰ্গীয় শশাঙ্ক দাস কলিতা সোঁৱৰণী ‘ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতা’

গুৱাহাটী: হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত আৰু লংকেশ্বৰ দাস স্মৃতি ন‍্যাসৰ উদ‍্যোগত বিগত পাঁচটা বৰ্ষৰ সফল আয়োজনৰ পিছত এইবাৰ তিনিদিনীয়াকৈ সদৌ অসম ভিত্তিত ঁশশাঙ্ক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে। উদ‍্যোক্তা সকলে জানিবলৈ দিয়া মতে আগন্তুক ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ চৈধ্য, পোন্ধৰ আৰু ষোল্ল তাৰিখে শুৱালকুছিৰ সমীপৰ হালোগাৱত অৱস্থিত অভয় চৰণ চৌধাৰী ষ্টেডিয়ামত তিনিদিনীয়াকৈ আয়োজন কৰা এই একাঙ্কিকা নাট প্ৰতিযোগিতাখনিত যোগদানৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰ নাট্য দল সমূহৰ পৰা মৌলিক পান্ডুলিপি আহ্বান কৰা হৈছে। প্ৰতিযোগিতাৰ বিভিন্ন পুৰস্কাৰৰ শিতানত শ্ৰেষ্ঠ নাট‍্যদল, দ্বিতীয় শ্ৰেষ্ঠ নাট‍্যদল আৰু তৃতীয় শ্ৰেষ্ঠ নাট‍্যদলৰ বাবে যথাক্ৰমে বিশ হাজাৰ, পোন্ধৰ হাজাৰ আৰু দহ হাজাৰ নগদ ধনৰ লগতে স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হ’ব। তেনেদৰে শ্ৰেষ্ঠ পান্ডুলিপিৰ বাবে পাঁচ হাজাৰ, শ্ৰেষ্ঠ পৰিচালকৰ বাবে পাঁচ হাজাৰ, শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীৰ বাবে পাঁচ হাজাৰকৈ, শ্ৰেষ্ঠ সহ-অভিনেতা আৰু শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বাবে তিনি হাজাৰকৈ, শ্ৰেষ্ঠ শিশু শিল্পীৰ বাবে তিনি হাজাৰ নগদ ধনৰ লগতে মানপত্ৰ আৰু স্মাৰক প্ৰদানৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে। লগতে বিচাৰকৰ বিশেষ উল্লেখ হিচাপে মানপত্ৰ আৰু স্মাৰক প্ৰদানৰ ব‍্যৱস্থা ৰখা হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক নাট‍্যদল সমূহক তেখেতসকলৰ নাটকৰ ডিটিপি কৰা পান্ডুলিপি পিডিএফ্ কৰি অহা ৩১ ডিচেম্বৰ ২০২৪ ৰ ভিতৰত পোৱাকৈ ইমেইল যোগে rupalim.org@gmail.com লৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। বিতং তথ্যৰ বাবে ৰূপালীমৰ অফিচিয়েল ৱেবচাইট www.rupalim.org ত পদাৰ্পন কৰিব পাৰিব। পান্ডুলিপিৰ প্ৰথম পৃষ্ঠাত নাটকৰ নাম, নাট্যদলৰ নাম, নাট্যকাৰ আৰু পৰিচালকৰ নাম, নাটকৰ দৈৰ্ঘ্য, যোগাযোগৰ ঠিকনা, ইমেইল আৰু মোবাইল নম্বৰ আদি স্পষ্টভাবে উল্লেখ থাকিব লাগিব। নাটকৰ দৈৰ্ঘ্য মঞ্চ সজ্জা সহিতে পঞ্চলিশ মিনিট ধাৰ্য কৰা হৈছে। প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত নাট্যদল সমূহে ভৰ্তি মাচুল হিচাপে নগদ পাঁচশ টকা প্ৰতিযোগিতা থলীত উপস্থিত হোৱাৰ পিছত কাৰ্যালয়ত জমা দিব লাগিব। অসমৰ লব্ধ প্ৰতিষ্ঠিত নাট্য কৰ্মীৰ দ্বাৰা বিচাৰকৰ আসন অলংকৃত হ’বলগা দুহেজাৰ পচিছ বৰ্ষৰ ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰা হ’ব ষোল্ল ফেব্ৰুৱাৰীৰ নিশা প্ৰতিযোগিতা অন্ত পৰাৰ পিছত। বঁটা বিতৰণী অনুষ্ঠানত অসমৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত তথা জনপ্ৰিয় শিল্পী উপস্থিত থাকিব বুলি আয়োজক সকলে জানিবলৈ দিছে। যোগাযোগৰ বাবে গুৱাহাটীস্থ কাৰ্যালয় সম্পাদক হিৰণ্য ভট্টাচাৰ্য্যৰ মোবাইল নম্বৰ হৈছে- +919706263192 লগতে 9101301929 নম্বৰতো যোগাযোগ কৰিব পাৰিব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.