গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমতো প্ৰেছ ক্লাব অসমৰ উদ্যোগত আজি সভাপতি কৈলাশ শৰ্মাৰ সভাপতিত্বত অতি উলহমালহেৰে সৈতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী গুৱাহাটীৰ ৰাজগড়ত অনুষ্ঠিত কৰা হয়। সভাত প্ৰেছ ক্লাব অসমৰ উপদেষ্টা তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড০ দয়ানন্দ পাঠক, নীৰা গগৈ সোনোৱাল, দেৱজ্যোতি হাজৰিকা, কাৰ্য্যকৰী সভাপতি নৱ ঠাকুৰীয়া, ৰসধৰ শৰ্মা, পৰেশ চৌধুৰী, ৰাজকুমাৰ আগৰৱালা, অমৰ কাশ্যপৰ লগতে কেইবাগৰাকীও বিশিষ্ট সাংবাদিক তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ ওপৰত আলোকপাত কৰি কয় যে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰূপে সংবাদ সেৱাই অতীজৰে পৰা আগবঢ়োৱা বিভিন্ন ধৰণৰ কৰ্মৰাজিৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ লগতে সাংবাদিক, সংবাদকৰ্মী সকলৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ উন্নয়ন মূলক ব্যৱস্থা গ্ৰহণ কৰিলেহে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সফলতা পাবলৈ সক্ষম হব বুলি উল্লেখ কৰে৷ সভাত সাংবাদিক সংবাদকৰ্মীসকলৰ অভাৱঅনাটনৰ বিষয়ে আলোচনা কৰা হয়৷ সম্প্ৰতি ডিজিটেল মিডিয়াৰ উত্থানে সমাজত এক ইতিবাচক ভুমিকাৰ বিষয়ে উল্লেখ কৰি চৰকাৰে ডিজিটেল মিডিয়াৰ ক্ষেত্ৰত চৰকাৰী স্বীকৃতিৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে৷ আজিৰ এই বিশেষ অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অসমৰ সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতাই।
Leave a Reply