জালুকবাৰীঃ ৰাজস্থানৰ জয়পুৰত ১৫ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে “সম্যোজনম ২০২৪” শীৰ্ষক ৰাষ্ট্ৰীয় আয়ুৰ্বেদ যুৱ সন্মিলন। বিশ্ব আয়ুৰ্বেদ পৰিষদ, ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান জয়পুৰ আৰু ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ৰাজস্থান আয়ুৰ্বেদ বিশ্ববিদ্যালয়, জোধপুৰৰ সহযোগত এই সন্মিলনখন অনুষ্ঠিত হৈছে । জয়পুৰস্থিত ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত অনুষ্ঠিত সন্মিলনখনত দেশজুৰি ২,৮০০ গৰাকী গৱেষক, বিজ্ঞানী, আৰু খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এই সন্মিলনৰ মূল উদ্দেশ্য “আয়ুৰ্বেদৰ জৰিয়তে যুৱ প্ৰজন্মক সক্ষম কৰা”।
বিভিন্ন শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, যেনে-গতিৱিধি, অভিমঞ্চনম, ক্ৰিডাম, উদ্বোধনম, কৰ্মাভ্যাসম, আৰু নূতনম। ক্ৰিডামৰ অধীনত বেডমিন্টন, দবা, কেৰম আৰু টেবুল টেনিছৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আনহাতে সন্মিলনত অংশগ্ৰহণ কৰা গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ শলাক্য তন্ত্র বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপক ডাঃ জ্যোতির্ময় শর্মাই টেবুল-টেনিছ ডাবলছত চেম্পিয়ন আৰু ছিংগলছত তৃতীয় স্থান লাভ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সাফল্যৰ বাবে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ফালৰ পৰা তেঁওক শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে সন্মিলনত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে বৈজ্ঞানিক অধিবেশন, আয়ুৰ্বেদিক প্ৰযুক্তিৰ ব্যৱহাৰিক প্ৰদৰ্শন কৰ্মশালা, আয়ুৰ্বেদিক আহাৰ প্ৰস্তুতি, সাংস্কৃতিক অনুষ্ঠান, বিতর্ক আৰু পুথিভঁৰালৰ অন্তৰ্ভুক্ত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে।
Leave a Reply Cancel reply