অনুভৱৰ পৃষ্ঠাত জীপাল হৈ উঠা এটি ভ্ৰমণ কাহিনী 🖋️ শিল্পীশিখা বৰা / ডঃ শিল্পীশিখা দুৱৰা

অনুভৱৰ পৃষ্ঠাত জীপাল হৈ উঠা এটি ভ্ৰমণ কাহিনী
🖋️ শিল্পীশিখা বৰা / ডঃ শিল্পীশিখা দুৱৰা
সৰুৰ পৰাই আমি পঢ়ি আহিছোঁ যে ভ্ৰমণে আমাৰ মনৰ পৰিসৰ বিস্তাৰিত কৰে। নতুন ঠাই, নতুন মানুহ, বেশভূষা, খাদ্য আৰু জীৱন ধাৰণৰ পদ্ধতিৰ বিবিধতা আদি নানাৰঙী অভিজ্ঞতাই আমাৰ মনোজগত সমৃদ্ধ কৰে।আজি লিখিবলৈ ওলাইছোঁ আমি ভ্ৰমণ কৰা এটি অতি বিশেষ শৈক্ষিক প্ৰতিষ্ঠানৰ কথা। ২০২৩ চনৰ জুলাই মাহত মই আৰু মোৰ বান্ধৱী দুয়ো যাত্ৰা কৰিছিলোঁ সুদূৰ বিদেশৰ বেংকক চহৰলৈ। IIPDS- International Institute of Peace and Development Studies নামৰ তাত এটা বৰ চকুতলগা শৈক্ষিক প্ৰতিষ্ঠান আছে। যাৰ ভাল লগা কথাবোৰ আজীৱন মনৰ একোণত ভাঁহি থাকিব। বেংকক হৈছে থাইলেণ্ডৰ ৰাজধানী তথা আটাইতকৈ জনবহুল চহৰ। পৰ্যটকৰ বাবে এখন অতি আকৰ্ষণীয় ঠাই। সাধাৰণতে চহৰ বুলি ক’লে আমাৰ মনলৈ জনবহুল, বৃহৎ অট্টালিকাৰে ভৰপুৰ, ব্যস্ততাপূৰ্ণ জীৱনবোৰৰ এক আলোকচিত্ৰ মনৰ মাজত ভাঁহি আহে। কিন্তু মই বেংকক চহৰৰ যিটো শৈক্ষিক প্ৰতিষ্ঠানৰ কথা ক’বলৈ ওলাইছো সেয়া সম্পূৰ্ণ পৃথক। ইয়াৰ পৰিৱেশিক বাতাবৰণ এখন চহৰৰ তুলনাত একেবাৰেই সুকীয়া। চাৰিওফালে কেৱল সেউজীয়া বন্যা। প্ৰতিষ্ঠানটোৰ ঘৰবোৰ কাঠেৰে নিৰ্মিত। বৰ বিশাল ভূমিৰ নহয় যদিও শিক্ষা প্ৰতিষ্ঠানটোৰ ভূমিখিনিত গছ-গছনি, পুখুৰী, চৰাই-চিৰিকটিৰে চহকী আছিল। নিজান, নিস্তব্ধতাৰ পৰিবেশটিৰ মাজত জীৱনৰ বেজাৰ বেদনাবোৰ উঠি যোৱা সময়বোৰে আমাক মোহিত কৰি পেলাইছিল। মাজে মাজে বহু কেইটা প্ৰেক্ষাগৃহ আছিল য’ত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানুহবোৰৰ সমাগম হয়। আন আন প্ৰতিষ্ঠানৰ দৰে ইয়াতো শিক্ষা গ্ৰহণৰ লগতে অতিথিশালাও আছিল, য’ত থকা-খোৱাৰ সুব্যৱস্থা আছে। অতিথিপৰায়ণ কৰ্মচাৰীসকল অতিথি সকলক ঈশ্বৰ সদৃশ সেৱাৰে আতিথ্য প্ৰদান কৰে।

শিক্ষা প্ৰতিষ্ঠানটোৰ বিশেষ আকৰ্ষণীয় কথাবোৰ এনেধৰণৰ, যি কোনো কাৰণতে কোনো ব্যক্তিয়ে খোৱাকক্ষলৈ বা শুৱা কক্ষলৈ জোতা, চেণ্ডেল পিন্ধি প্ৰৱেশ কৰিব নোৱাৰিব। আহাৰ গ্ৰহণৰ পাছত নিজৰ খোৱা যতন তেঁওলোকে ঠিক কৰি ৰখা ঠাইত নিজ হাতেৰে পৰিষ্কাৰ কৰি থৈ আহিব লাগিব। হোটেল বা ৰেষ্টোৰাৰ দৰে হাতৰ মুঠিতে বিচাৰিলেই আনৰ হাতেৰে সকলো সুবিধা নাপাব। নিজৰ যাৱতীয় কাম-কাজ নিজে কৰি ল’ব লাগিব। টকা-পইচা আগবঢ়ালেও আমাৰ কাম-কাজ কোনো এজন ব্যক্তিয়ে কৰি দিবলৈ মান্তি নহয়। সকলোবোৰ মানুহে নিজৰ নিজৰ কৰ্মৰে ব্যস্ত হৈ থাকে। সেই ঠাইখনত আমাৰ বিশেষ মন কৰিবলগীয়া কথাটো হ’ল যে তেওঁ‌লোকে নিজৰ কৰ্মসংস্কৃতিৰ ওপৰত খুবেই গুৰুত্ব আৰোপ কৰে। সময়ৰ কাম সময়ত কৰিব লাগে, সেই কথাষাৰ তেওঁ‌লোকে কামৰ মাজেৰে প্ৰতিনিয়ত বুজাই দিয়ে। তেওঁ‌লোকে আহাৰ গ্ৰহণৰ বাবে কিছুমান নিদিষ্ট সময় নিৰ্দ্ধাৰণ কৰি দিছিল। ৰাতিপুৱা ৭ বজাৰ পৰা ৰাতিপুৱাৰ আহাৰ যোগান ধৰিছিল। কোনোদিনে আমি সময়তকৈ পলম হ’ল বুলি গোচৰ দিয়াৰ সুযোগ তেওঁ‌লোকে দিয়া নাছিল। আমাৰ এনেকুৱা ধৰণৰ অভিজ্ঞতাও হৈছে যে, ভাগৰ অনুভৱ কৰা বাবে আমি ৰাতিপুৱা পলমকৈ উঠিচিলো, আমি ভাবিয়েই চোৱা নাছিলো যে সময়ত নগ’লে আমি যে খোৱাৰ পৰা বঞ্চিত হ’ম, পিছে তেনেকুৱাই হৈছিল। যদি তেঁওলোকে ৰাতিপুৱা ৭ বজাৰ পৰা ৮ বজালৈ খোৱা সময় নিৰ্দ্ধাৰণ কৰিছিল, আমাৰ যিকোনো কাৰণত পলম হলেও ৮ বজাৰ পাছত আৰু ৰাতিপুৱা আহাৰ গ্ৰহণৰ বাবে সুবিধা নহব। মুঠতে কৰ্ম সংস্কৃতিৰে জীপাল এখন প্ৰিয় পৃথিৱী। য’ত মানুহে শৃংখলাবদ্ধ জীৱন এটা লৈ জীয়াই থাকে। কোনো এটা মুহূৰ্ত বিৰক্তিকৰ নাছিল। চাৰিওফালে কেৱল গছে বনে আগুৰা মনোৰম এখন স্বৰ্গ। যিয়ে আমাক শিকাই গ’ল জীৱনৰ নতুন পাঠ, কৰ্ম সংস্কৃতিৰ পাঠ। জীৱনত কোনো দিন পাহৰিব নোৱাৰা এটা মধুৰ যাত্ৰাৰ সাক্ষী হৈ ৰলো। কেতিয়াবা আপোনালোকো সময় সুবিধা পালে যাব চোন এই মনোমোহা ৰঙীন ছবিৰ সাক্ষী হ’বলৈ। ভ্ৰমণে এনেকৈয়ে নতুন অভিজ্ঞতা আৰু শিক্ষাৰ সমল কঢ়িয়াই আমাক সমৃদ্ধ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*