ভূপালত সদ্য সমাপ্ত ২০তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ সাঁতোৰ চেম্পিয়নশ্বিপত অসম দলে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই পাঁচটা পদক লাভ কৰিবলৈ সক্ষম হৈছে । অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাস আৰু প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে
ভাৰ্গবী হাজৰিকাই (২৫-২৯ বছৰ) ১০০ মিটাৰ বাটাৰফ্লাই আৰু ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোক ইভেণ্টত দুটা ৰূপৰ পদক লাভ কৰি অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
ডলী কৌৰ দাসে (৫৫-৫৯ বছৰ) ২০০ মিটাৰ আৰু ৪০০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
একেদৰে জেচমিন খাতুনে (৪০-৪৪ বছ) ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোক ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
অসম দলৰ এই সুন্দৰ প্ৰদৰ্শনে ৰাষ্ট্ৰীয় সাঁতোৰ ক্ষেত্ৰত তেওঁলোকৰ বৰ্ধিত গুৰুত্ব কঢ়িয়াই আনিছে আৰু সমগ্ৰ ৰাজ্যৰ উচ্চাকাংক্ষী সাঁতোৰবিদসকলক অনুপ্ৰাণিত কৰিছে।
অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাস আৰু প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে খেলুৱৈ সকলক অভিনন্দন জ্ঞাপন কৰিছে।
Leave a Reply