গুৱাহাটীঃ হোজাইৰ গীতাশ্ৰমত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰধানাচাৰ্য সন্মিলন এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে উদ্বোধন কৰা হয়। এই কাৰ্যসূচীত বিদ্যা ভাৰতীৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অবনীশ ভাটনগৰ মুখ্য বক্তা হিচাপে উপস্থিত থাকে। মঞ্চত অতিথি হিচাপে অখিল ভাৰতীয় মন্ত্ৰী ব্ৰহ্মাজী ৰাও, ক্ষেত্ৰীয় সংগঠন মন্ত্ৰী ড° পৱন তিৱাৰী, ক্ষেত্ৰীয় মন্ত্ৰী ড° জগদীন্দৰ ৰায় চৌধুৰী, শিশু শিক্ষা সমিতি, অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী আৰু মাতৃ ভাৰতীৰ ক্ষেত্ৰীয় আহ্বায়ক অনিমা শৰ্মা উপস্থিত থাকে।
সৰস্বতী দেৱীৰ চিত্ৰৰ সন্মুখত বন্তি প্ৰজ্জ্বলন আৰু শংকৰদেৱ শিশু নিকেতন, হোজাইৰ ছাত্ৰীবৃন্দৰ দ্বাৰা পৰিৱেশিত বন্দনাৰ মূৰ্ছনাৰে সৃষ্ট আধ্যাত্মিক পৰিৱেশত আৰম্ভ হোৱা উদ্বোধন কাৰ্যসূচীত মঞ্চত উপবিষ্ট অতিথিসকলৰ সম্বৰ্ধনা জনোৱা হয়। বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক ড০ জগদীন্দ্ৰ ৰায় চৌধুৰীয়ে তেখেতৰ প্ৰাস্তৱিক ভাষণত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেখন ৰাজ্যৰ পৰা আহি উপস্থিত হোৱা প্ৰধানাচাৰ্যসকলক তিনিদিন ধৰি চলিব লগীয়া এই সন্মিলনলৈ স্বাগতম জনায়। শিশু শিক্ষা সমিতি উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে এক প্ৰেছ বাৰ্তা যোগেদি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এই উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিদ্যা ভাৰতীৰ সৈতে জড়িত প্ৰাদেশিক সমিতিসমূহৰ ই-আলোচনীসমূহ অতিথিসকলে মুকলি কৰে। অবনীশ ভাটনগৰে ভাষণত কয় যে বিদ্যা ভাৰতী আলোচনীসমূহ আত্মপ্ৰশংসাৰ বাবে নহয়, বৰঞ্চ শিক্ষাৰ ক্ষেত্ৰত নতুন পৰীক্ষা-নিৰীক্ষা, শিক্ষাত মূল্যবোধৰ অন্তৰ্ভুক্তি আৰু দেশপ্ৰেমৰ উদ্দেশ্যে প্ৰকাশ কৰা হয়।
উদ্বোধনী ভাষণত তেওঁ শিক্ষা আৰু জ্ঞানৰ ক্ষেত্ৰত সময়ৰ লগে লগে যিবোৰ পৰিৱৰ্তন হৈছে সেইবোৰৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে বিভিন্ন আয়োগৰ জৰিয়তে সময়ে সময়ে শিক্ষা নীতিৰ পৰিৱৰ্তন ঘটি আহিছে। তেওঁ অধ্যক্ষসকলক সময়মতে আপডেট কৰি নতুন পৰিৱৰ্তনসমূহ মুকলি মনেৰে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষসকল উপস্থিত থাকে। শিক্ষা খণ্ডৰ সংস্কাৰ, নতুন নীতি ৰূপায়ণ আৰু ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে।
Leave a Reply