তোলাৰাম বাফনা কৃত্ৰিম ভৰি আৰু কেলিপাৰ কেন্দ্ৰত দিব্যাংগক কৃত্ৰিম ভৰি সংযোজন

গুৱাহাটীঃ গুৱাহাটীৰ পাৰ্শ্ববৰ্তী আমিনগাঁওস্থিত তোলাৰাম বাফনা কৃত্ৰিম ভৰি আৰু কেলিপাৰ কেন্দ্ৰত প্ৰতিষ্ঠাৰ সময়ৰে পৰা দিব্যাংগ লোকক বিনামূলীয়াকৈ কৃত্রিম ভৰি সংযোজন কৰি নৱজীৱন প্রদান কৰি অহা হৈছে। কেন্দ্ৰৰ প্ৰচাৰ সচিব ৰাজকুমাৰ ঝাঝৰীয়ে জানিবলৈ দিয়া মতে ১০ নৱেম্বৰত কেন্দ্ৰত পুনৰ এটা শিবিৰ অনুষ্ঠিত কৰা হয়। শিবিৰটো মুকলি কৰি কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় কেন্দ্ৰৰ প্ৰতিষ্ঠাপক শুভকৰণ বাফনাই কাৰো পৰা একো সহায় নোলোৱাকৈ নিজ সামৰ্থ্যৰে ১০,৮৬০ জন দিব্যাংগ লোকক অত্যাধুনিক কৃত্ৰিম জয়পুৰী ভৰি বিনামূলীয়াকৈ সংযোজন কৰি মানৱ সেৱাৰ ক্ষেত্ৰত যি অতুলনীয় অৰিহণা আগবঢ়াইছে তাৰ কোনো তুলনা নাই।

জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই প্ৰয়াত তোলাৰাম বাফনা আৰু তেঁওৰ সহধৰ্মিনী প্রয়াত ভাউৰি দেৱী বাফনাৰ অষ্ট ধাতুৰে নিৰ্মিত মুৰ্ত্তিও উদ্বোধন কৰে। আনহাতে শিবিৰত পুৰুষ-মহিলা নিৰ্বিশেষে ২০ জন দিব্যাংগ লোকক বিনামূলীয়াকৈ অত্যাধুনিক কৃত্রিম জয়পুৰী ভৰি সংযোজন কৰা হয়। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে শুভকৰণ বাফনাই মানৱ জাতিৰ যি নিঃস্বার্থ সেৱা কৰিছে, তাৰে কোনো তুলনা নহয়।

নিজৰ পিতৃ-মাতৃৰ অষ্টধাতুৰ মূৰ্তি প্ৰতিষ্ঠা কৰি সমাজক পিতৃ-মাতৃৰ প্ৰতি সমর্পিত থকাৰ মহৎ আদর্শ দেখুৱাইছে। উল্লেখযোগ্য যে গুৱাহাটীৰ প্রতিষ্ঠিত ব্যৱসায়ী শুভকৰণ বাফনাৰ পিতৃ তোলাৰাম বাফনাই মৃত্যুৰ পূৰ্বে নিজৰ পৰিয়ালবৰ্গক ‘আনৰ ভাল কৰিলে নিজৰো ভাল হ’ব’ বুলি উপদেশ দি চিৰজীৱনৰ বাবে চকু মুদিছিল। পিতৃৰ মৃত্যুৰ পিছত শুভকৰণ বাফনাই পিতৃৰ উপদেশক নিজৰ জীৱনৰ মূল মন্ত্ৰ হিচাপে লৈ আমিনগাঁৱত দিব্যাংগ সকলক বিনামূলীয়াকৈ অত্যাধুনিক কৃত্রিম জয়পুৰী ভৰি সংযোজনৰ কেন্দ্ৰ প্রতিষ্ঠা কৰে। য’ত বর্তমানলৈ ১০,৮৬০ গৰাকী দিব্যাংগ লোকক বিনামূলীয়াকৈ কৃত্রিম ভৰি সংযোজনেৰে নিজ ভৰিত খোজ কঢ়াৰ উপযুক্ত কৰি তোলা হৈছে। শিবিৰ মুকলি অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা ক্ৰমে-চাহেবালা, কমল আগৰৱালা, বাকেশ মোৰ, মিনু পাঠক, হিমাংশু শৰ্মা, তোলাৰাম বাফনা কামৰূপ জিলা চিকিৎসালয় তথা নাৰায়ণা হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক সকল , সমাজসেবী সঞ্জয় কেড়িয়া, বিশিষ্ট সমাজকর্মী গোপাল জালান, নৱ ৰতন শেঠিয়া, ঝংকাৰ দুধেড়িয়া, পদম শেঠিয়াকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*