জালুকবাৰীঃ মহানগৰীৰ পাণ্ডুত নিজ ঘৰৰ পৰা ৭ নৱেম্বৰত নিজ ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন হৈ থকা কিৰণ ধৰ নামৰ এজন ৩৩ বছৰীয়া যুৱকৰ মৃতদেহ পাঁচদিনৰ অন্তত কালি নিশা ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাটৰ বিসৰ্জনথলীত উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে বৰুণ ধৰে ৭ নৱেম্বৰৰ দিনা নিশা প্ৰায় ৯.৩০ মান বজাত ঘৰৰ পৰা ওলাই গৈ উভতি অহা নাছিল। তাক ক’তো বিচাৰি নাপাই পাছদিনা ৮ নৱেম্বৰত দেউতাক বৰুণ ধৰে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।
তাৰ মাজতে কালি নিশা প্ৰায় ৮ মান বজাত পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰৰ পানী যুৱলীত এজন যুৱকক মৃত অৱস্থাত ওপঙি থকা প্ৰত্যক্ষ কৰি ওচৰতে থকা পাণ্ডু নদী আৰক্ষী চকী আৰু জালুকবাৰী থানাত খবৰ দিয়া হয়। আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰি সেইটো সন্ধানহীন হৈ থকা কিৰণ ধৰৰ বুলি নিশ্চিত কৰে। আনহাতে মঙলবাৰে জি এম চি এইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত মৃতদেহটো পৰিয়ালৰ লোকক গতাই দিয়া হয়। একাংশ লোকে যুৱকজনে নিচাযুক্ত দ্ৰব্য সেৱন কৰি অসাৱধানবশত পানীত পৰি মৃত্যু হোৱাৰ সন্দেহ কৰাৰ বিপৰীতে পৰিয়ালৰ লোকে কোনো লোকে কিৰণ ধৰক হত্যা কৰি পানীত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে।
Leave a Reply