◊নলবাৰীৰ পৰা ফইজুল হ’ক চৌধুৰীঃ
■ গাঠিৰ ধন ভাঙি জনসাধাৰনৰ বাবে বিনামূলীয়া চেনিটাইজেছন।
ঘগ্ৰাপাৰ আৰক্ষী চকী,ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়, মন্দিৰ-মছজিদৰ লগতে বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত যোৱাবাৰৰ দৰে এইবোৰো বিনামূলীয়া চেনিটাইজেশ্বন কৰি আহিছে, যদিও স্বাস্থ্য বিভাগ আৰু স্থানীয় বিধায়কৰ পৰা আজিলৈকে কোনোধৰনৰ আৰ্থিক সহাৰি পোৱা নাই।
ক্ষুদ্ৰ চাইকেল মেকানি কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া নাছিকুৰ ৰহমানে নিজৰ গাঠিৰ ধন ভাঙি সমগ্ৰ নলবাৰীৰ জনসাধাৰনৰ বাবে সুৰক্ষা প্ৰদান কৰি আহিছে।
যোৱাবাৰ চৰকাৰে কোনোধৰনৰ গুৰুত্ব নিদিয়া কভিড যোদ্ধা নাছিকুৰ ৰহমানক এইবাৰ চৰকাৰে গুৰুত্ব দিবনে?
Leave a Reply Cancel reply