‘ফিটনেচ চায়েঞ্চ’ত উপলব্ধ থাকিব ফিজিঅ’থেৰাপি, পূৰ্নবাস আৰু জিম
মুকলি অনুষ্ঠানত উপস্থিত থাকে বিচিচিআইৰ জইণ্ট চেক্ৰেটেৰী দেৱজীত লন শইকিয়া
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পূর্ণবাস কেন্দ্ৰৰ শুভ উদ্বোধন। মহানগৰীৰ উলুবাৰীস্থিত ASCU টাৱাৰৰ প্ৰথম মহলাত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ‘Fitness Science’ নামৰ কেন্দ্ৰটো। এই পূর্ণবাস কেন্দ্রটোত আছে অত্যাধুনিক সা-সুবিধা। ফিজিঅ’থেৰাপী, স্প’ৰ্টছ ৰিহেবিলিটেচন, উন্নত স্কেনিং লেজাৰ থেৰাপী আৰু তাৰ সমান্তৰালকৈ খেলুৱৈসকলৰ নির্দিষ্ট প্রয়োজন অনুসৰি বিস্তৃত ক্রীড়া আঘাত পূর্ণবাসন, দ্রুত আৰোগ্য আৰু প্ৰতিৰোধ কাৰ্যসূচী প্রদান কৰাত আছে বিশেষজ্ঞৰ দল। কেন্দ্ৰটোৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এই কেন্দ্রটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে মহাধিবক্তা দেবজিৎ লন শইকীয়াই।
Leave a Reply