‘মাই ভাৰত’ পৰ্টেলৰ বৰ্ষপূৰ্তি উদযাপন

আজাৰাঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত হৰি গায়ত্ৰী দাস মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন.এছ.এছ.) গোটৰ উদ্যোগত ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি বজাৰ চাফাই, চিকিৎসালয় স্বেচ্ছাসেৱী আৰু যান-বাহন স্বেচ্ছাসেৱীকে ধৰি ধাৰাবাহিক কাৰ্য্যসূচীৰে ‘মাই ভাৰত’ পৰ্টেলৰ প্ৰথম বৰ্ষপূৰ্তি যোৱা ২৭ অক্টোৱৰৰ পৰা ৩০ অক্টোৱৰলৈ উদযাপন কৰা হয়।

উক্ত কাৰ্যসূচীৰ অধীনত যোৱা ২৮ অক্টোৱৰত আজাৰা গধূলি বজাৰত স্বেচ্ছাসেৱক সকলে বজাৰ চাফাই কাৰ্যসূচী সমাপন কৰে। তেনেদৰে ২৯ অক্টোবৰত এন.এছ.এছ. ৰ স্বেচ্ছাসেৱক সকলে গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ গধূলি বজাৰ ট্ৰেফিক পইণ্টত ট্ৰেফিক পুলিচৰ সহায়ত যান-বাহন স্বেচ্ছাসেৱী কামত লিপ্ত হয়। আজি সামৰণিৰ দিনা এন.এছ.এছ.ৰ স্বেচ্ছাসেৱী সকলে আজাৰা প্ৰাথমিক চিকিৎসালয়ত চিকিৎসালয় স্বেচ্ছাসেৱী কাৰ্য্যসূচী গ্ৰহণ কৰে। উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্য্যসূচী বিষয়া ড০ স্বপ্না শৰ্মাৰ তত্বাৱধানত এই কাৰ্য্যসূচী সমূহ সুকলমে পৰিচালিত হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*