◊ জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশত্তম বৰ্ষৰ সপ্তমখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত যোৱা ২৮ অক্টোবৰ ২০২৪ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়৷ বৈঠকৰ আৰম্ভণিতে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড০ উপেন্দ্ৰ নাথ শৰ্মা আৰু বিস্ময় আলোচনীৰ স্ৰষ্টা শশী ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে। শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা আৰম্ভণি সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে৷ বৈঠকৰ আৰম্ভণিতে মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰ দেৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি মহাপুৰুষজনাৰ বিৰচিত বৰগীত পৰিবেশন কৰে ৰুণুমী নাথে। ড০ অপৰ্ণা গোস্বামীয়ে শ্ৰীমন্ত শঙ্কৰ দেৱৰ সাংস্কৃতিক সত্তাৰ ওপৰত আলোকপাত কৰে। কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী তথা শাখাৰ উপদেষ্টা নন্দিতা চলিহাই শঙ্কৰদেৱৰ প্ৰতিভাই অসমীয়া সমাজত দিয়া অৱদানৰ ওপৰত সুন্দৰ বাখ্যা দাঙি ধৰে।
স্ব-ৰচিত লেখা পাঠ অনুষ্ঠানত প্ৰৱন্ধ পাঠ কৰে দীপ্তি ৰেখা পাঠক মজুমদাৰে। স্ব-ৰচিত কবিতা পাঠ কৰে অনিমা নাথ, প্ৰণতি পাটোৱাৰী কলিতা, অঞ্জু শইকীয়া দত্তই। সভানেত্ৰীৰ অনুৰোধ মৰ্মে অপৰ্ণা দেৱীৰ পৰিচালনাত এটা প্ৰশ্নোত্তৰ শিতান অনুষ্ঠিত হয়। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা তথা শাখাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ড০ লীলাৱতী শইকীয়া বৰাই ধ্ৰুপদী ভাষাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। ব্ক্তব্য ৰাখে প্ৰাক্তন সভানেত্ৰী ৰীতা শৰ্মা, উপদেষ্টা ড০ অপৰাজিতা বৰকটকী, ড০ বীণা লহকৰে। মুখপত্ৰ উদ্দীপনাৰ সম্পাদিকা ড০ মীনা দেৱীয়ে মুখপত্ৰখনিৰ প্ৰকাশৰ আঁৰৰ হিচাপ দাখিল কৰে। গীত পৰিৱেশন কৰে ৰঞ্জিতা ভট্টাচাৰ্যই। সভাপতিৰ মন্তব্যৰ পাছত শলাগৰ শৰাই আগবঢ়াই ড০ অপৰ্ণা গোস্বামীয়ে।
Leave a Reply