শেহতীয়া আপডেটঃ

অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সফল সামৰণি

● উত্তৰ-পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ ছবিৰ খিতাপ “দ্য ছিলভান ছাগা”
● সৰ্বভাৰতীয় শিতানৰ শ্ৰেষ্ঠ ছবি ছ’ৰিল য়াল্লাট্টিকাৰ “জাছৱান্দা”

গুৱাহাটীঃ চিনেমাৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰা তথা লগতে ভাৰতৰ কেবাসহস্ৰ বৰ্ষ পুৰণি ঐতিহ্যময় সভ্যতা, সংস্কৃতিক শ্ৰদ্ধা জ্ঞাপনৰ মহান উদ্দেশ্যৰে আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ আজি সফল সামৰণি পৰে। গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত দুয়ো দিনতে ৫০খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শিত হয়। মহোৎসৱৰ দুয়োটা দিনতে চিনেমানুৰাগীৰ উপস্থিতি তথা আগ্ৰহ আছিল উল্লেখনীয়।

প্ৰতিযোগিতামুলক আৰু অনা-প্ৰতিযোগিতামুলক দুটা শাখাত ছবিসমূহ প্ৰদৰ্শিত হয়। বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সহযোগী অনুষ্ঠান “চলচ্চিত্ৰম”ৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতীয় চিত্ৰ সাধনাৰ প্ৰমুখ অতুল গাংৱাৰ জীয়ে। বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি গাংৱাৰে কয় যে, চলচ্চিত্ৰক বিভাজন নহয়, সমন্বয়ৰ মাধ্যম হিচাপে গঢ়াত গুৰুত্ব আৰোপ কৰে । চলচ্চিত্ৰ নিৰ্মাতাক নিজৰ সৃষ্টিৰ ব্ৰক্ষ্মা হিচাপে অভিহিত কৰি গাংৱাৰজীয়ে চলচ্চিত্ৰৰ জৰিয়তে দেশ আৰু সংস্কৃতিৰ ইতিবাচক দিশ জনসমক্ষলৈ অনাৰ বাবে আহ্বান জনায়।

মহোৎসৱত উত্তৰ পূৰ্বাঞ্চল ছবি শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে জ্যোতিপ্ৰসাদ দাস পৰিচালিত “দ্য ছিলভান ছাগা”ই। সৰ্বভাৰতীয় শিতানৰ শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হয় ছ’ৰিল য়াল্লাট্টিকাৰ পৰিচালিত “জাছৱান্দা”। উত্তৰ পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে “দ্য ছিলভান ছাড়া”ৰ পৰিচালক জ্যোতি প্ৰসাদ দাসে। উত্তৰ পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফীৰ বঁটা পাই “টিন্‌চ অৱ নাইন্‌টিন ফ’ৰ্টি টু”ৰ বাবে চিদা বৰা আৰু সৰ্পিল নন্দন ডেকা তথা “আদি শক্তি মা কামাখ্যা”ৰ বাবে প্ৰদীপ চন্দ্ৰ শৰ্মা আৰু অংশুমান বৰুৱায়। “বীৰুবালা”ৰ বাবে ভাস্কৰ জ্যোতি ভূঞাই লাভ কৰে শ্ৰেষ্ঠ সম্পাদকৰ বঁটা।

“ৰং নাম্বাৰ”ৰ চিত্ৰ নাট্যকাৰ অভিজিত নায়কে লাভ কৰে শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ বঁটা। জুৰীৰ “স্পেচিয়েল মেনশ্যন” বঁটা পাই দেৱজানী হালদাৰ পৰিচালিত “এ লেটাৰ টু মাই হোম”-এ। সামৰণি অনুষ্ঠানত জুৰিসকল ড° সন্তোষ পাথাৰি, যদুমনি দত্ত, সংস্কাৰ দেশাই আৰু অইনম গৌতমে অংশগ্ৰহণ কৰে। বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই ভাৰত মাতাৰ চিত্ৰত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা বঁটা বিতৰণী অনুষ্ঠানত বিভিন্ন শিতানৰ বঁটা বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। ” আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ” মূল বিষয়বস্তুৰ লগতে ভূমি আৰু মানুহ, পৰ্যটন, কলা, হস্তশিল্প আৰু বস্ত্ৰ, পাণ্ডুলিপি আৰু পাণ্ডুলিপি চিত্ৰাংকন, চিত্ৰাংকন আৰু কাঠত খোদিত কৰা কলা, সংগীত আৰু সংগীতজ্ঞ, সাংস্কৃতিক উৎসৱ, স্মৃতিসৌধ আৰু ঐতিহ্য ক্ষেত্ৰ, সমাজ সংস্কাৰক আৰু আগৰণুৱাসকল, ক্ৰীড়া, চাহ আৰু তৈল উদ্যোগ, সংস্কৃতি আৰু মূল্যবোধ, সামাজিক সজাগতা, পৰিয়াল ব্যৱস্থা, মহিলা, পৰিবেশ আদি বিষয়ক প্ৰাধান্য দি নিৰ্মিত কেবাখনো চুটি ছবি তথা তথ্যচিত্ৰ‌ই দৰ্শকৰ মনত ৰেখাপাত কৰা পৰিলক্ষিত হয়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.