গুৱাহাটীঃ যোৱা ১৪ ৰ পৰা ১৭অক্টোবৰলৈ মন্দেশ্বৰী বিদ্যা নিকেতন, বাঞ্চৱাড়া, ৰাজস্থানত অনুষ্ঠিত হোৱা বিদ্যা ভাৰতীৰ ৩৫ তম্ ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ পৰা ৪ গৰাকী খেলুৱৈ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে পদক লাভ কৰিবলৈ সক্ষম হয়। শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে শংকৰদেৱ শিশু নিকেতন, চাৰিঙৰ ছাত্ৰ সংগীত প্ৰীয়ম নাথ, শংকৰদেৱ শিশু বিদ্যা নিকেতন, বেলতলাৰ ছাত্ৰদ্বয় ধৃতিস্মান শৰ্মা আৰু দেৱজিৎ নাথ আৰু লম্বোদৰ বৰগোহাঁই শঙ্কৰদেৱ বিদ্যা নিকেতন, ডিমৌৰ ছাত্ৰ দেৱৰ্ষী বুঢ়াগোহাঁয়ে ব্ৰঞ্জৰ পদক লাভ কৰি বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰ, শিশু শিক্ষা সমিতি,অসমৰ লগতে স্থানীয় নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ইয়াৰে শংকৰদেৱ শিশু নিকেতন, চাৰিঙৰ ছাত্ৰ সংগীত প্ৰিয়ম নাথে দলীয় খেলত ৪ ৰ্থ স্থান লাভ কৰি SGFI ( School Games Fedaration Of India) ত খেলাৰ বাবে নিৰ্বাচিত হয়। এই পদক প্ৰাপ্ত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক শিশু শিক্ষা সমিতি,অসমৰ প্ৰদেশ কাৰ্যালয়, প্ৰশান্ত পথ, গুৱাহাটীত আজি অভিনন্দন তথা শুভেচ্ছা জনায় জ্যেষ্ঠ প্ৰচাৰক যোগেন্দ্ৰ সিং শিচোদিয়া, সমিতিৰ সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশী আৰু শিশু শিক্ষা সমিতি, অসমৰ সহ প্ৰান্তীয় খেল প্ৰমুখ ভাৰ্গৱ জ্যোতি গগৈয়ে।
Leave a Reply