দূৰ্ভগীয়া ছোৱালী জনীৰ মিনতি
● ৰাজশ্ৰী সেনাপতি গগৈ
ডিব্ৰুগড়
সৌভাগ্যৱান ছোৱালী আছিলোঁ মই
ক্ষন্তেকতে দূৰ্ভগীয়া হৈ পৰিলোঁ।
নিয়তীৰ নীতি, বিধিৰ বিধান অতি কুৰূপ।
ন্যায়, স্বাধীনতা আছেনে ?
মুক্ত মনেৰে ঘূৰিব পাৰিব নে
দেশৰ জীয়াৰী, বোৱাৰী।
আজি মোৰ লগত এই ঘটনা যি হৈছে,
হৈ থাকিব, কেতিয়াও কোনেও শাষ্টি দি
স্তব্ধ কৰিব নোৱাৰিব।
যেতিয়ালৈকে নৰপিশাচৰ দেহত
দেৱতা ৰূপী মানৱৰ জন্ম নলয় ।
মাত্ৰ মমবাতিৰ পোহৰত শোভাযাত্ৰা,
আৰু একমিনিটৰ নিস্তব্ধতাই জানো
ৰুদ্ধ কৰিব পাৰিব মোৰ লগত হোৱা
জঘন্য অপৰাধৰ।
নিষ্পাপ মইজনীক , পাপৰ অংক্ষীদাৰ
সজাই মৃত্যুৰ মূখলৈ, থেলি দিলি তহতে।
নিজৰ অপকৰ্মৰ শাস্তিৰ লগতে
মোৰ পৰিয়ালটো সাঙুৰি পেলালি।
সমগ্ৰ দেশতে ৰাক্ষী বন্ধন,
ভাই দোজৰ নিয়ম পালন কৰে
যাৰ এই নিয়ম নাই, সেইসকলেও কৰে
তথাপিও কি হ’ল আজি মোৰ।
বাই-ভনী বুলি ভিবিব নোৱাৰিলি নে?
ঐ নৰপিশাচ, কুকুৰনেচীয়া হ’ত
মোৰ মঙহ , তেজ হূপি,
টানি আজুৰি শেষ কৰিলি।
মা – দেউতাৰ সপোন পূৰাবলৈ ,
দিনে ৰাতি ৰুগীৰ শুশ্ৰুষা কৰিম বুলি
মই লৈছিলোঁ পণ।
অকালতে মোক মৃত্যু মূখলৈ থেলি,
কি আমেজ পালি।
সাৱধান, নৰপিশাচৰ ৰূপ লৈ
বাছিব পাৰিবি নে সমাজৰ চকুত।
মই ভুক্তভোগী আজি মৃত্যু, মোৰ গেং ৰেপ হ’ল।
গভীৰ নিস্তব্ধতাত চকু দুটি মুদি দিলোঁ ।
আচৰিত , কেইছেকেণ্ডমান আগতে
মই হাঁহি মাতি আছিলোঁ
তহতে মোৰ ওপৰত নিষ্ঠুৰভাবে জপিয়াই পৰিলি, ৰক্তক্ষৰণ চকু দুটি দেখি বেয়া নেলাগিল নে তহতৰ।
তহতৰ শাস্তিয়ে হ’লেহে মোৰ
আত্মাই মুক্তি আৰু শান্তি পাব ।
পুনৰ এই ঘটনা নহয় বুলি প্ৰতিশ্ৰুতি
দিব পাৰিবা নে মোৰ ভাই হত ।
দানৱী মনক দমন কৰি
মানৱৰ দৰে আচৰণ লোৱা।
মিনতি কৰিলোঁ আজি নীল আশাৰ পৰা।
Leave a Reply Cancel reply