বৰগাঙত পূব-পশ্চিম বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান
অসম খবৰ বেদেতী ২৮ জুলাই= আজি, দেওবাৰে বৰগাং শংকৰদেৱ প্ৰেক্ষাগৃহত পূব আৰু পশ্চিম বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
পূব-বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰক্তিম ৰঞ্জন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনৰ আঁত ধৰে বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দিব্যজ্যোতি হাজৰিকাই। বিশেষ অভিনন্দন অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ‘আছু’ৰ প্ৰাক্তন ছাত্ৰ নেতা ৰূপম দাসে নিজৰ বক্তব্যত প্ৰকাশ কৰে যে, বিহালীত বিশেষকৈ ছাত্রী সকলৰ বাবে এখন মহাবিদ্যালয়ৰ অভাৱ ; যাৰ ফলত বহু ছাত্ৰীয়ে উন্নত শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে দীৰ্ঘদিন ধৰি । ইফালে বিহালী সমষ্টিত নাই উপযুক্ত স্বাস্থ্য-সেৱা, যাৰ ফলত সামান্য বেমাৰ হলেই বিশ্বনাথ চাৰিআলি বা তেজপুৰ, গুৱাহাটীলৈ যাব লগা হয় । ইফালে বিহালী সংৰক্ষিত বনাঞ্চল খন চৰকাৰে ইচ্ছা কৰিলে পৰ্যটনৰ স্থান হিচাপে গঢ়ি তুলিব পাৰে যদিও চৰকাৰৰ হেমাহিৰ বাবে আজিও কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰি চৰকাৰৰ কঠোৰ সমালোচনা কৰে। লগতে ভৱিষ্যত ছাত্ৰ-ছাত্ৰী সকলক একোজন ভাল মানুহ হৈ সমাজৰ হৈ কাম কৰিবলৈ আহ্বান জনাই ছাত্র নেতা গৰাকীয়ে। এই সভাত উপস্থিত থাকে বিহালী স্নাতক মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ টুনটুন বৰাই। তেখেতে ছাত্র-ছাত্ৰীক ভৱিষ্যত এজন মানুহ হ’বলৈ কষ্ট কৰি পঢ়া শুনা কৰিবলৈ আহ্বান জনাইয় । এই বিশেষ অভিনন্দন অনুষ্ঠানত বিহালী সমষ্টিৰ প্ৰায় ৩২০ গৰাকীৰ ছাত্ৰ ছাত্ৰীক আছুৱে একোখনকৈ সম্বৰ্ধনা পত্ৰৰ লগতে একোটা গছ পুলি প্ৰদান কৰে।
অনুষ্ঠানত কবি, লেখিকা ৰূপালী দাস, প্ৰতিষ্ঠিত চাহ খেতিয়ক, সমাজকৰ্মী কুমুদ শইকীয়া, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি আজমত শ্বেখ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অনিল বনিয়া, বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মা,সম্পাদক শ্ৰীমন্ত দাস, আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিকৰ সভাপতি পৱন বাউৰী আদিয়েও আজিৰ বিশেষ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি পূব আৰু পশ্চিম বিহালী আঞ্চলিক ছাত্ৰ সন্থাই কৃতী ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰীষ্ম বন্ধৰ সময় ছোৱাতে গ্ৰহণ কৰি তেওঁলোকক উৎসাহিত কৰাত নিজা বক্তব্যৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে ।
Leave a Reply