বিহালীত স্বেচ্ছাসেৱী সংগঠন AID ET ACTION ৰ গ্ৰীষ্মকালীন শিৱিৰ সামৰণি::
অসম খবৰ বিহালী ৯ জুলাই :
অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন এইড ই এক্সন । এই স্বেচ্ছাসেৱী সংগঠনটোৰ সক্ৰিয় সদস্য নদিম আনচাৰিৰ নেতৃত্ব যোৱা ৫ জুলাই পৰা ৯ জুলাইলৈকে বিহালী শিক্ষা খণ্ড অন্তৰ্গত গাংমৌথান ক্লাষ্টাৰৰ অধিনৰ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪ দিনীয়াকৈ এক গ্ৰীষ্মকালীন শিৱিৰ আয়োজন কৰা হয়।
উল্লেখযোগ্য যে স্বেচ্ছাসেৱী সংগঠনটোৱে বিগত বৰ্ষৰ সমূহত অসমৰ বিভিন্ন ঠাইৰ লগতে বিহালী সমষ্টিৰ বিহালী শিক্ষা খণ্ডটো যোৱা কেইবাবছৰ ধৰি বিশেষ শিক্ষা সজাগতা সৃষ্টিৰ কৰা উদ্দেশ্য শিৱিৰ আয়োজন কৰি আহিছে ।
বিশেষকৈ সমষ্টিটোৰ শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অঞ্চল সমূহত বিশেষ প্ৰশিক্ষণ দিয়া লগতে স্বেচ্ছাসেৱী সংগঠনৰ জড়িয়তে অঞ্চল সমূহৰ ছাত্ৰ-ছাত্ৰীক বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে আধুনিক শিক্ষাৰ নিদৰ্শন দাঙি আহিছে। ইফালে চাৰিদিনীয়া এই শিৱিৰত উপস্থিত থাকে বিহালী খণ্ড উন্নয়ন খণ্ডৰ ইজাজুল হুছেইন,বি আৰ পি পলাশ দাস,চি আৰ চি চি দিগন্ত বৰা আৰু বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হৰিদেৱ নাথকে ধৰি কেইবিজনো বিশিষ্ট ব্যক্তি । এই
শৈক্ষিক শিৱিৰত বিশেষকৈ শিশু সুৰক্ষাৰ ওপৰত চিত্রাংকন প্রতিযোগিতা,পোষ্টাৰ বনোৱা, শ্লো’গান লিখাৰ উপৰি অংক আৰু বিজ্ঞান বিষয়ক কিছুমান কাৰ্যকলাপৰ ভিত্তিত ক্লাছ কৰা,কেৰিয়াৰ কাউচেলিং, প্ৰাচীৰ পত্রিকা বনোৱা, কাগজেৰে কিছুমান হাতৰ কামকে ধৰি বিভিন্ন খেল ধেমালিৰ লগতে ছাত্র-ছাত্রী সকলে টি-এল-এম বনোৱা আৰু ইয়াৰ ব্যৱহাৰিক দিশ সমূহ ওপৰত প্ৰশিক্ষণ দিয়া হয় বুলি জানিবলৈ দিয়ে স্বেচ্ছাসেৱী সংগঠনটোৰ সক্ৰিয় সদস্য নদিম আনচাৰিয়ে। ইফালে স্বেচ্ছাসেৱী সংগঠনটোৰ আন সদস্য আছিফ আলি, শ্ৰদ্ধাঞ্জলি ঠাকুৰীয়া,পূজা দেৱী,পুৰ্ণিমা কিলিংপী আৰু অভিজিৎ দাসকে আন আন সদস্য সকল উপস্থিত থাকে।
Leave a Reply