জিলা কৃষি বিভাগৰ পদক্ষেপ
বানত ক্ষতিগ্ৰস্থ কৃষকক সকাহ দিয়াৰ বাবে কঠিয়াতলী প্ৰস্তুত কৰাৰ পদক্ষেপ
অসম খবৰ বিশ্বনাথ চাৰিআলি, ১০ জুলাই : বানত ক্ষতিগ্ৰস্থ কৃষক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্য বিশ্বনাথ জিলা কৃষি বিভাগে অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। সেই উপলক্ষে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ( RKVY) ২০২৪-২৫ অন্তৰ্গত সমূহীয়া কঠিয়াতলী প্ৰস্তুতি আঁচনিৰ অধীনত বিশ্বনাথ জিলাৰ বৰগাং কৃষি চক্ৰৰ বৰালিমৰা পঞ্চায়তৰ অন্তৰ্গত কুলাগুৰি পথাৰত আজি আনুষ্ঠানিকভাৱে বাহাদুৰ চাব-১ আৰু ৰঞ্জিৎ চাব-১ জাতৰ ধানৰ কঠিয়া সিঁচা হয়৷ সম্ভাৱ্য বানত ক্ষতিগ্রস্থ হোৱা কৃষকক বিনামূলীয়া কঠিয়া যোগান ধৰাৰ উদ্দেশ্য জিলা কৃষি বিভাগে এই সমূহীয়া কঠিয়াতলী প্ৰস্তুত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।
সমান্তৰালভাৱে, ৰাষ্ট্রীয় কৃষি বিকাশ যোজনা (RKVY ) আচঁনিৰ অধীনত জিলা খনৰ জিনজিয়া, গহপুৰ, নাগশংকৰ কৃষি চক্ৰৰ অন্তৰ্গত ক্ৰমে কুহিয়াবাৰী, ঘগৰা বস্তি আৰু বহুৱাকুৰি গাওঁৰ পথাৰত সমূহীয়া কঠীয়াতলী (Community Nursery )ৰ বাবে উন্নত জাতৰ বাহাদুৰ চাব-১ আৰু ৰঞ্জিত চাব- ১ বীজ সিঁচা হয় ।
আজিৰ এই কাৰ্যসূচীত অংশ লৈ কঠীয়া সিঁচি কৃষক সকলক উৎসাহিত কৰে জিলা কৃষি বিষয়া বাণেশ্বৰ বে, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ জিলা ন’ডেল বিষয়া তথা মহকুমা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ, জেষ্ঠ কৃষি উন্নয়ণ বিষয়া সোণমণি শইকীয়াই ।
উল্লেখ্য যে, ৰাজ্য খনৰ বানত ক্ষতিগ্ৰস্থ লাখ লাখ কৃষকক সকাহ দিয়াৰ উদ্দেশ্য অসম চৰকাৰৰ কৃষি বিভাগে কমিউনিটী নাৰ্চাৰী শীৰ্ষক এই আঁচনি গ্ৰহন কৰি আহিছে। ইয়াৰ জৰিয়তে বানত ক্ষতিগ্ৰস্থ কৃষকলৈ উন্নত প্ৰজাতিৰ বিনামূলীয়া কঠিয়া আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে সহকাৰী কৃষি পৰিদৰ্শক বম্বেশ্বৰ চমুৱা আৰু মিডিয়া বিশেষজ্ঞ কৃষ্টি বৰাৰ লগতে স্থানীয় কৃষক।
Leave a Reply