ৰাজ্যৰ অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক প্রথম বর্ষত নামভৰ্তি কৰোৱাব নোৱাৰিব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। অনুমতিবিহীন শিক্ষানুষ্ঠানসমূহক নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা বিৰত ৰাখিবলৈ দৰ্পণ পোৰ্টেলৰ পৰা আতৰোৱা হ’ব বুলি এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে। অৱশ্যে যিসমূহ শিক্ষানুষ্ঠানে যাৱতীয় তথ্যৰ সৈতে অনুমতিৰ বাবে শিক্ষা সংসদত আবেদন কৰিছে, তেওঁলোকৰ তথ্যসমূহ পৰীক্ষণৰ অন্তত সঠিক বিবেচিত হ’লে নামভৰ্তিৰ বাবে অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে বুলি নিৰ্দেশনাটোত প্ৰকাশ কৰা হৈছে।
Leave a Reply