“অসম খবৰ”ৰ বাতৰি সত্য । অসমৰ ১১ টা লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা…
ডিব্ৰুগড়ত প্ৰতিদ্বন্দিতা কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
অসমৰ ১১ টা লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা…
অসমৰ ১১ টা লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা…
অসম খবৰ ডিজিটেল ডেস্কঃ ২ মাৰ্চ ২০২৪: শনিবাৰে দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে অসমৰ ১১ খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা। মুঠ ১৪ খন আসনৰ ভিতৰত বিজেপিয়ে ২ খন আসন ক্ৰমে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি এজিপিক আৰু কোকৰাঝাৰ সমষ্টি ইউ পি পি এলক এৰি দিয়াৰ পৰিপ্ৰেক্ষিতত এই ৩ টা সমষ্টিক বাদ দি বাকী কেইটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।
পূৰ্বে আমি প্ৰকাশ কৰাৰ দৰেই ১১ টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হ’ল। সেই অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে সৰ্বানন্দ সোণোৱালৰ নাম। ৰাজ্যসভাৰ সাংসদ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি থকা সোণোৱালৰ প্ৰাৰ্থীত্বক লৈ চলি আছিল বিভিন্ন চৰ্চা। অৱশেষত সোণোৱালক লখিমপুৰত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল।
সেইদৰে সাংসদ প্ৰদান বৰুৱা আৰু তপন গগৈক তেওঁলোকৰ বৰ্তমানৰ সমষ্টি লখিমপুৰ আৰু যোৰহাট সমষ্টিতে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। ডিফু সমষ্টিত হৰেন সিং বেৰ স্থানত অমৰ সিং টিচ’ক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। পূৰ্বৰ মঙ্গলদৈ আৰু এতিয়াৰ দৰং-ওদালগুৰি সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে সাংসদ দিলীপ শইকীয়াক।
গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে কুইন ওজাৰ স্থানত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বিজুলী কলিতা মেধিক। শিলচৰ লোকসভা সমষ্টিত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে কৰিমগঞ্জ লোকসভা সমষ্টিত কৃপানাথ মাল্লাকে প্ৰক্ষেপ কৰিছে।
নগাওঁ লোকসভা সমষ্টিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা সুৰেশ বৰাক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে তেজপুৰ লোকসভা সমষ্টিত বিহালীৰ বিধায়ক, বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক ৰঞ্জিত দত্তক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। সেইদৰে নৱ গঠিত কাজিৰঙা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিলে সাংসদ কামাখ্যা প্ৰসাগ তাছাক।
ইফালে অসমৰ অন্যতম ডিজিটেল মেডিয়া “অসম খবৰে” প্ৰকাশ কৰিছিল উত্তৰ অসমৰ জ্যেষ্ঠ শক্তিশালী ৰাজনীতি নেতা ৰঞ্জিত দত্তক শোণিতপুৰ লোক সভা সমষ্টিৰ আসন খনৰ পৰা বিজেপি দলে টিকট প্ৰদান কৰিব সেই অনুসৰি আজি ঘোষণা কৰা বিজেপি প্ৰথম খন তালিকাত ১১ জন প্ৰাৰ্থী ভিতৰত বিধায়ক ৰঞ্জিত দত্ত নামটো প্ৰকাশ পালে।
ইফালে ৰঞ্জিত দত্তক এজন সাংসদ হিচাপে বিজেপি দলৱে টিকট প্ৰদান কৰাত সমষ্টিটোৰ বিজেপি কৰ্মী সকলৰ মাজত দেখা গৈছে এক আনন্দ।
Leave a Reply