গুৱাহাটীত নাৰিকল উন্নয়ন ব’র্ডৰ নাৰিকলৰ উৎপাদন আৰু মূল্য সংযোজন সম্পৰ্কীয় বিশেষ আলোচনা-চক্ৰ

গুৱাহাটীত নাৰিকল উন্নয়ন ব’র্ডৰ নাৰিকলৰ উৎপাদন আৰু মূল্য সংযোজন সম্পৰ্কীয় বিশেষ আলোচনা-চক্ৰ

AIR GUWAHATI

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ গুৱাহাটীত থকা নাৰিকল উন্নয়ন বোর্ডে আজি নাৰিকলৰ উৎপাদন আৰু মূল্য সংযোজন সম্পৰ্কীয় বিশেষ আলোচনা চক্ৰৰ আয়োজন কৰে।

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই আলোচনা-চক্ৰৰ শুভাৰম্ভ কৰি বাণিজ্যিক ভিত্তিত নাৰিকল উৎপাদনৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়।

তেওঁ কয় যে অসমত বাণিজ্যিক ভিত্তিত নাৰিকল উৎপাদনৰ যথেষ্ট সমল আছে আৰু কৃষকসকলক ইয়াৰ প্ৰতি আগ্ৰহী আৰু উৎসাহিত কৰি তোলাৰ বাবে কৃষি বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।

বিশ্বৰ কমেও ৯০খন দেশে নাৰিকল উৎপাদনৰ জৰিয়তে আর্থসামাজিক দিশত আগবাঢ়ি যাবলৈ সমর্থ বিষয়ে উল্লেখ কৰি মন্ত্ৰী অতুল বৰাই অসমেও সঠিক পৰিকল্পনাৰে এই দিশত অগ্ৰসৰ হ’ব পাৰে বুলি মন্তব্য কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰ্মসংস্কৃতি গঢ়ি তোলাৰ বাবে ৰাজ্যখনত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কৃষি আৰু কৃষিভিত্তিক উদ্যোগৰ প্ৰসাৰৰ লক্ষ্যৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বাবে মুখ্যমন্ত্ৰীৰ শলাগ লয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*