ভইচ্‌ এংকৰ ভাগ্যশ্ৰী গোস্বামীলৈ শংকৰ-আজান সমন্বয় বঁটা ২০২০ প্ৰদান

◊ মৃন্ময় শইকীয়া, তেজপুৰঃ সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চৰ উদ্যোগত ২০২০ বৰ্ষৰ শংকৰ-আজান সমন্বয় বঁটা ভইচ্‌ এংকৰ ভাগ্যশ্ৰী গোস্বামীলৈ আগবঢ়োৱা হয়।

জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা, শ্ৰম আৰু ৰাজ্যিক উন্নয়ন মন্ত্ৰী সঞ্জয় কিষাণ, নগৰ উন্নয়ন আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে গড়কাপ্তানি ৰাজ্যিক মন্ত্ৰী যোগেন মহন আৰু সাংসদ ভূৱনেশ্বৰ কলিতাৰ উপস্থিতিত দিছপুৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত ভইচ্‌ এংকৰ ভাগ্যশ্ৰী গোস্বামীক শংকৰ-আজান সমন্বয় বঁটা ২০২০ প্ৰদান কৰা হয়।

আনহাতে ভাগ্যশ্ৰী গোস্বামী ওদালগুৰি জিলাৰ মাজবাটৰ পিতৃ সত্যব্ৰত গোস্বামী আৰু মাতৃ সবিতা গোস্বামীৰ কনিষ্ঠা কন্যা৷ সূদীৰ্ঘ সময়ৰে পৰা বিভিন্ন সংবাদ মাধ্যমত ভইচ্‌ এংকৰ হিচাপে কাম কৰা ভাগ্যশ্ৰীয়ে এলাইভ নিউজৰ জৰিয়তে কৰ্ম জীৱন কৰিছিল লগতে তেওঁ এগৰাকী সুলেখিকা আৰু সমাজ সেৱিকা৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*