31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত বাইক ৰেলীৰে উপস্থিত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য

    বিশ্বনাথত বাইক ৰেলীৰে উপস্থিত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য।

    জিলা পথ সুৰক্ষা সমিতিৰ সভাঃ পথ দুৰ্ঘটনা প্ৰতিৰোধী সকলো সাম্ভাব্য পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশ

    বিশ্বনাথ  ৩০ নৱেম্বৰ :

    ভালেসংখ্যক বাইক চালকৰ লগত বাইক ৰেলীৰে নিজে বাইক চলাই বিশ্বনাথত আজি বিয়লি উপস্থিত হয় পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য। ৰাজ্যখনত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ লগতে পথ সুৰক্ষা সজাগতা সৃষ্টিৰ উদ্দেশ্যে পৰিবহন, আবকাৰীআৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বাইক ৰেলীৰে অব্যাহত ৰখা সজাগতা কাৰ্যসূচী আজি বিশ্বনাথ জিলাৰ একাধিক স্হানত অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ হৈ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰনি জনোৱাৰ পাছতে মন্ত্ৰী গৰাকীয়ে বিয়লি বিশ্বনাথৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সভা এখনত অংশ গ্ৰহণ কৰি জিলা খনত পথ সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা সংশ্লিষ্ট বিভাগ সমুহৰ পদক্ষেপ সম্পৰ্কে পৰ্যালোচনা কৰে। সভাৰ আৰম্ভণিতে পথ দুৰ্ঘটনাত নিহত সকলৰ আত্মাৰ সদগতি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। বিশ্বনাথৰ জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ ডাঃ নেহা যাদৱে আদৰনি ভাষন প্ৰদান কৰা এই সভাখনিত জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব তথা লোকনিৰ্মান বিভাগ, বিশ্বনাথ জিলা ক্ষেত্রীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা যাদৱ চন্দ্ৰ বৰাই উদেশ্য বাখ্যা কৰি জিলা পথ সুৰক্ষা সমিতিয়ে বিগত দিন সমুহত গ্ৰহণ কৰা সজাগতা কাৰ্যসূচী সমুহৰ বিষয়ে উল্লেখ কৰে। পৰ্যালোচনা সভা খনত লোকনিৰ্মান বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি উন্নয়ন নিগম লিমিটেড, বিশ্বনাথ আৰক্ষী, আবকাৰী বিভাগ, জিলা পৰিবহন বিভাগ আদিয়ে পাৱাৰ পইন্ট উপস্হাপন কৰি বিভাগ কেইটাই গ্ৰহণ কৰা পথ সুৰক্ষামুলক পদক্ষেপৰ বিষয়ে দাঙি ধৰে। মন্ত্ৰী গৰাকীয়ে সকলো পদক্ষেপ তথ্য সমুহ অৱগত হোৱাৰ পিছত সংশ্লিষ্ট বিভাগ সমুহক পথ সুৰক্ষাৰ বাবে আগন্তুক এটা পষেক ভিতৰত সাম্ভাব্য সকলো সজাগতামুলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, সহকাৰী আয়ুক্ত পুষ্পাংকৰ পাতিৰ, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, জিলা পৰিবহন বিষয়া ৰফিকুল ইছলাম আদিৰ লগতে জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সকল উপস্থিত থকা সভাখনিত অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ পৰিকল্পনা আৰু জনসংযোগ বিভাগৰ হৈ ৰণজিৎ শইকীয়াই ৰচনা কৰা তথা বিশ্বনাথ জিলা প্ৰশাসনৰ দ্বাৰা প্ৰস্তত কৰা পথ সুৰক্ষা সম্পৰ্কীয় এখন নাতিদীৰ্ঘ তথ্য চিত্ৰও প্ৰদৰ্শন কৰা হয়। পথ সুৰক্ষা সমিতিয়ে ক্ৰয় কৰা পথ সুৰক্ষাৰ সংকেত সামগ্ৰী সমুহ সভাত মন্ত্ৰী গৰাকীয়ে আৰক্ষী অধীক্ষকৰ জৰিয়তে বিশ্বনাথ আৰক্ষীক প্ৰদান কৰে। ইয়াৰ পিছতেই মন্ত্ৰী গৰাকীয়ে পুনৰ বাইক ৰেলীৰে সন্ধিয়া বৰগাঙত উপস্থিত হয় আৰু বিশ্বনাথ জিলা প্রশাসন তথা বিশ্বনাথ জিলা পথ সুৰক্ষা সমিতিৰ সৌজন্যত পথ দুৰ্ঘটনাত ক্ষতিগ্রস্ত লোকৰ স্মৃতি দিৱস উপলক্ষে অনুষ্ঠিত এখন পথ সভাত অংশগ্ৰহণ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds