31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    চাহ জনগোষ্ঠী আদিবাসী সকলক জনজাতিকৰণৰ দাবীত বিশ্বনাথত আটছাৰ দুঘন্টীয়া ধৰ্ণা

    চাহ জনগোষ্ঠী আদিবাসী সকলক জনজাতিকৰণৰ দাবীত বিশ্বনাথত আটছাৰ দুঘন্টীয়া ধৰ্ণা…

     

    বিশ্বনাথ ১০জুলাই :

    অসমৰ চাহ জনগোষ্ঠী আদিবাসী সকলক শীঘ্ৰে জনজাতিকৰণ কৰাকে ধৰি ভূমি পট্টা প্ৰদান কৰা, চাহ শ্ৰমিকসকলক দৈনিক ৩৩০ টকাকৈ মজুৰি প্ৰদান কৰা দাবীত ৰাজ্যত উত্তাল প্ৰতিবাদ সাব্যস্ত অব্যাহত ৰাখিছে আদিবাসী ছাত্ৰ সন্থাকে ধৰি চাহ জনগোষ্ঠীৰটো বিভিন্ন দল সংগঠনে।
    ইফালে ৰাজ্য আন আন প্ৰান্তৰ লগতে আটছা বিশ্বনাথ জিলা সমিতি উদ্যোগত আটছা কেইবাটাও ভাতৃ সংগঠনৰ লগতে জনগোষ্ঠীৰ আন আন মহিলা সংগঠনৰ সহযোগত শতাধিক কৰ্মকৰ্তাই সোম বাৰে বিশ্বনাথ মহকুমা কাৰ্যালয় এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল কৰি তুলে।
    আটছা সদস্য সকলৰ দাবী শীঘ্ৰে আমাৰ প্ৰাপ্য আমাক দিয়ক, আমাৰ দাবী মানি লওক আদি বিভিন্ন শ্ল’গানেৰে বিশ্বনাথ মহকুমা কাৰ্যালয় সন্মুখত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদী কাৰ্যসূচীত আটছা জিলা সভাপতি ধীৰাজ তাঁতী, জিলা সম্পাদক নিলোৎপৱন ৰবি দাস ,কেন্দ্ৰীয় সমিতি সহকাৰী সাধাৰণ সম্পাদক অনন্ত সোণা ,কেন্দ্ৰীয় সমিতি প্ৰচাৰ সম্পাদক মিন্টু ভূমিজকে ধৰি কেইবাগৰাকী নেতা উপস্থিত হৈ চৰকাৰক আদিবাসীৰ সমস্যা সমাধানৰ দাবীত শ্ল’গান দি বিশ্বনাথ মহকুমাধিপতি কাৰ্যালয় আকাশ-বতাহ কঁপাই তোলে ৷
    ইফালে সাংবাদিকৰ প্ৰশ্ন উত্তৰত আদিবাসী জনগোষ্ঠীৰ হৈ প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ তিনি সাংসদ পল্লৱ লোচন দাস, কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলিক কঠোৰ সমালোচনা কৰি কয় কেন্দ্ৰীয় সমিতি প্ৰচাৰ সম্পাদক মিন্টু ভূমিজে এই তিনি সাংসদে জাতিটোক বিশ্বাসঘাটক কৰিছে,এই তিনি সাংসদে কোনো দিন সদনত আজিলৈকে জাতিৰ বাবে কোনো এটা মাত নামাতিলে বুলি ক্ষোভ প্ৰকাশ কৰি ভৱিষ্যতে বিজেপি হৈ ভোট বিচাৰি গ’লে ভয়ংকৰ পৰিস্থিতি সন্মুখীন হ’ব বুলি হুংকাৰ দিয়ে আটছা নেতা গৰাকীয়ে।
    আনহাতে 2014 চনৰ লোক সভাৰ নিৰ্বাচন আৰু 2016 চনৰ বিধান সভা নিৰ্বাচনত ভাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদিবাসী সকলক জনজাতি দিয়া প্ৰতিশ্ৰুতি দিছিল যদিও আজিও সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী কিয় কৰা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ সমালোচনা কৰে আটছা জিলা সভাপতি ধীৰাজ তাঁতীয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds