31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    সীমা বিবাদ নিষ্পত্তিৰ বাবে অসম অৰুণাচল সীমান্ত পৰিদৰ্শন অসম চৰকাৰৰ প্ৰতিনিধি দল ।অসম অৰুণাচলৰ মাজত দ্বীপাক্ষীক বৈঠক

     

    বিশ্বনাথ চাৰিআলি ১ ছেপ্টেম্বৰ :- অসম-অৰুণাচলৰ মাজত বিভিন্ন ঠাইত ভূমিৰ সীমা সংঘাতক লৈ বিবাদ সৃষ্টি হৈ থকাৰ মাজতে আজি বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অসম-অৰুণাচল সীমান্ত অঞ্চলত পৰিদৰ্শন কৰে দুয়োখন ৰাজ্যৰ মন্ত্ৰী আৰু প্ৰশাসনৰ দলে ।

    বিশেষকৈ অসম আৰু অৰুণাচল সীমান্তৰ বিশ্বনাথ জিলাৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল বিহালী সংৰক্ষিত বনাঞ্চল উত্তৰে নাহৰজান ,ঠাণ্ডা পানী, বগীজুলি, তাৰাছো, আদি অঞ্চলত বহু বছৰ ধৰি অৰুণাচল আৰু অসমৰ মাজত বিভিন্ন সময়ত সংঘাত হৈ আহিছে।

    ইফালে ইতিমধ্যে সীমা সমস্যাক লৈ অসমৰ ১৫ জন অসমীয়াই সন্দেহ জনক অৰুণাচলী লোকৰ হাতত প্ৰাণ আহতি দি আহিছে।

    তাৰ উপৰিও দুই তিনি বাৰ বিহালী বিহমাৰী ঠাণ্ডা পানী আদি অঞ্চলত সীমাক লৈ সৰু-সুৰা সংঘাত সৃষ্টি হৈ থকা পৰিলক্ষিত হৈ আহিছে ।

    এই সংঘাত সৃষ্টি হোৱা ঠাই সমূহত পৰিদৰ্শন কৰে আজি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত , অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত ,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ বিশ্বনাথৰ উপায়ুক্ত আৰক্ষী, বন বিভাগ আৰু প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ এটা দলে। আনহাতে অসম অৰুণাচল সীমান্ত তথা অৰুণাচল প্ৰদেশৰ পাপুংপাৰে জিলাৰ তাৰাছোৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দুয়োখন জিলাৰ মন্ত্ৰী আৰু প্ৰশাসনিক বিষয়াৰ উপস্থিতিত আলোচনা কৰি সীমা সমস্যা সমাধান সন্দৰ্ভত চিন্তা চৰ্চা কৰি এক আলোচনাত মিলিত হয় দুই ৰাজ্য মন্ত্ৰী প্ৰশাসন।


    উল্লেখযোগ্য যে অলপতে দুয়ো খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এক বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য দুখনৰ চৰকাৰে।ইফালে এই আলোচনাৰ পিছতে বিহালীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

    উল্লেখযোগ্য যে অসমৰ কেইবাখনো গাৱঁ অৰুণাচলত চামিল হোৱা সম্ভৱনাই দেখা দিছে।অসমৰ বহু ভুমিত ইতিমধ্যে অৰুণাচল চৰকাৰে বিভিন্ন চৰকাৰী আচঁনি জড়িয়তে ভুমি নিজৰ দখলত ৰাখি থোৱাৰ লগতে অসম সীমান্তত থকা কেইবাখনো গাৱঁত অৰুণাচল চৰকাৰে বিভিন্ন চৰকাৰী সা-সুবিধা প্ৰদান কৰি অসমৰ ভুমি বেদখল কৰা পৰিকল্পনা কৰা বুলি অভিযোগ কৰে চি পি আই এম এল নেতা
    নাৰায়ন পৌড়েলে।


    লগতে পৌড়েলে কয় উক্ত গাওঁ সমূহ অৰুণাচল প্ৰদেশত চামিল হোৱা সম্ভৱনাই প্ৰায় নিশ্চিত হোৱা দিশত বুলি উল্লেখ কৰে।

    লগতে চি পি আই এম এল নেতা পৌড়েলে
    তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সীমা সমস্যা সমাধানৰ নামত অসম চৰকাৰে সমৰ্পন নীতি গ্ৰহণ কৰিছে, এই সীমা সমস্যা সমাধান কৰিব বুলি আমাৰ টিলমানো বিশ্বাস নাই, যাৰ ফলত অসমৰ ৰাইজে অসমৰ ভুমি হেক্টৰো অৰুণাচলক দিয়া নহয় যাৰ ফলত অসম অৰুণাচল সীমান্তত বসবাস কৰা প্ৰতি গৰাকী প্ৰহৰী অসমীয়াক অসম চৰকাৰে সুৰক্ষা প্ৰদান কৰাৰ দাবী জনাই।

    ইফালে অৰুণাচল চৰকাৰৰ শিক্ষা মন্ত্ৰী তাবা তেবেৰ,তাৰাছোৰ স্থানীয় বিধায়ক তানা হালী আৰু অৰুনাচল চৰকাৰৰ আৰক্ষী প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ বিষয়া সকল আজিৰ এই বৈঠকত অংশগ্ৰহণ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds