শেহতীয়া আপডেটঃ

গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত 

◆ গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত 

◆ বিধায়ক এ কে ৰছিদ আলমৰ বিৰুদ্ধে বিদ্ৰোহ

◆ বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত দীপক নাথ

● কন্দৰ্প কুমাৰ দেৱ নাথ:- বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্য খনতে নিৰ্বাচনী বতাহ ক্ৰমাৎ গৰম হৈ উঠা পৰিলক্ষিত হৈছে। গোৱালপাৰা জিলাখনো ইয়াৰ ব্যতিক্ৰম নহয়৷

গোৱালপাৰা জিলাৰ চাৰিটা বিধান সভা সমষ্টিৰ ভিতৰত অন্যতম ৩৭ নং গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত ৰাজনৈতিক দল সমূহৰ মাজতো দেখা গৈছে নিৰ্বাচনী তৎপৰতা ! বিজেপি,কংগ্ৰেছ, এআইইউডিএফ,এজেপি,অগপ,
ৰাইজৰ দল কোনো এটা দলেই হাত সাৱতি বহি থকা নাই৷ মুকলি হৈছে কাৰ্যালয়,লৰা ধপৰা বৃদ্ধি পাইছে দলীয় কৰ্ম কৰ্তা তথা সমৰ্থকৰ ৷

নাৱজ্যোতি তালুকদাৰ

ইয়াৰ মাজতে শেহতীয়াকৈ গোৱালপাৰা পূৱত কংগ্ৰেছ দলত প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত চলাৰ খবৰ লাভ কৰা হৈছে ৷ এক সূত্ৰই প্ৰকাশ কৰা মতে, বিগত ৫ টা বছৰে সমষ্টিটোত একপ্ৰকাৰ ৰজাৰ দৰে দপদপাই থকা বিধায়ক এ কে ৰছিদ আলমৰ বিৰুদ্ধে সমষ্টিটোত দলৰ মাজতে আৰম্ভ হৈছে  বিদ্ৰোহ ৷ সমষ্টিটোৰ বহু জলন্ত সমস্যা সমাধানত অপাৰগ এই জন বিধায়কক এজন অকামিলা বিধায়ক হিচাপে অভিহিত কৰি এ কে ৰছিদ আলমক দলে পুনৰ প্ৰাৰ্থীত্ব প্ৰদান নকৰিবলৈ দাবী জনাইছে কংগ্ৰেছৰে একাংশ কৰ্মী তথা সমৰ্থকে।

দীপক নাথ

তৃণমূল পৰ্যায়ৰ কৰ্মীৰ দাবী এনে নেতাক পুণঃ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে দলে সমষ্টিটোৰ আসন খন হেৰুৱাটো এক প্ৰকাৰ নিশ্চিত ৷ অৱশ্যে একাংশ দলীয় সমৰ্থকে দাবী কৰে যে দলটোৰ শীৰ্ষ মহলত এ কে ৰশিদ আলমৰ এক সুকীয়া ভাৱমূৰ্ত্তি থকাৰ পৰিপ্ৰেক্ষিতত আলমে পুণঃ টিকট লাভ কৰাটোও কোনো অসম্ভৱ কাণ্ড নহয়।

ইফালে বিধায়ক গৰাকীৰ প্ৰাৰ্থীত্বৰ বিৰুদ্ধাচৰণ চলি থকাৰ সময়তে চৰ্চালৈ আহিছে দলটোৰে আন এজন নেতা নৱজ্যোতি তালুকদাৰৰ নাম ৷ এই মূহূৰ্তত নৱজ্যোতি তালুকদাৰ গোৱালপাৰা পূূৱৰ কংগ্ৰেছ দলৰ এগৰাকী শক্তিশালী প্ৰাৰ্থীত্বৰ দাবীদাৰ ৷

সমষ্টিটোত সুনাম আছে এই গৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ৷ ইফালে শ্বাহী মহম্মদ কৰিম নামৰ এগৰাকী প্ৰতিষ্ঠিত ঠিকাদাৰেও কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰি সমষ্টিৰ চুকে কোনে ঘুৰি ফুৰিছে ৷

অৱশ্যে শ্বাহী মহম্মদ কৰিমৰ ক্ষেত্ৰতো আছে কংগ্ৰেছ কৰ্মীৰ বহু অভিযোগ ৷ এই জন ঠিকাদাৰ কোনো কালে কংগ্ৰেছৰ সাধাৰণ সদস্য পদতো নাছিল বুলি মত পোষণ কৰিছে দলটোৰ বহু কৰ্মীয়ে ৷

এ কে ৰছিদ আলম

তেওঁলোকে বিভিন্ন সময়ত পথ নিৰ্মাণৰ ক্ষেত্ৰত দূৰ্নীতি সংঘটিত কৰাৰো অভিযোগ তুলিছে এই গৰাকী ঠিকাদাৰৰ বিৰুদ্ধে ৷ ইয়াৰ বিপৰীতে আছে ইন্দিৰা মেধি, ৰাকেশ চক্ৰৱৰ্তী, আমজাদ আলী,মহম্মদ হুছেইন (চাজু) আদিকে ধৰি মুঠ ১৩ গৰাকী টিকটৰ দাবীদাৰ ৷

এই বহু টিকটৰ দাবীদাৰে সম্প্ৰীতি গোৱালপাৰা পূৱৰ কংগ্ৰেছৰ ভিতৰ চ’ৰা উত্তপ্ত কৰি ৰাখিছে ৷ আনহাতে, শাসকীয় বিজেপি দলেও পিছ পৰি থকা নাই ৷ এই বেলি কেবাগৰাকী নেতাই প্ৰাৰ্থীত্বৰ দাবী কৰিছে যদিও ভোটাৰ ৰাইজে যুৱ প্ৰজন্মৰ প্ৰাৰ্থীক দলে প্ৰাৰ্থীত্ব প্ৰদানত পোষকতা কৰিছে ৷

তালিকাত কেবাগৰাকী যুৱ নেতাৰ নাম আছে যদিও সমষ্টিত দীপক নাথৰ নামটো সঘনে উচ্চাৰিত হোৱা দেখা গৈছে ৷ সমষ্টিটোত বিগত কেবা বছৰৰ পৰা সাধাৰণ ৰাইজৰ লগত কামকাজ কৰি থকা দীপক নাথৰ সমষ্টিটোৰ কোনো অঞ্চলতে পোষ্টাৰ এখনো দেখিবলৈ নাই যদিও ৰাইজৰ মাজত সঘনে উচ্চাৰিত হৈছে তেওঁৰ নাম ৷

বেনাৰ,পোষ্টাৰ অবিহনেই কাম-কাজ কৰি যোৱা দীপক নাথৰ বিপৰীতে বেজেপিৰ টিকটৰ দাবীত সমষ্টিটো বেনাৰ হৰ্ডিঙেৰে ওপচাই পেলাইছে মমিনুল আৱালে ৷ অৱশ্য স্থানীয় নোহোৱা বাবে বিজেপিৰ নেতা মমিনুল আৱালে বিশেষ প্ৰভাব পেলাব পৰা নাই সমষ্টিটোত ৷

আনহাতে বিগত নিৰ্বাচনত জয়ৰ সম্ভাৱনা থাকিও দলীয় ৰণ কৌশলৰ দুৰ্বলতাৰ বাবে পৰাজয় বৰণ কৰা গৌৰাংগ প্ৰসাদ দাসেও এইবেলি বিজেপিৰ অন্যতম টিকটৰ দাবীদাৰ ৷

শেহতীয়া ভাৱে সমষ্টিটোৰ ভোটাৰ ৰাইজৰ মাজত এটা কথা সঘন চৰ্চা চলিছে যে যদি কংগ্ৰেছে শ্বাহী মহম্মদ কৰিমক আৰু বিজেপিয়ে দিপক নাথক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেন্তে সমষ্টিটোত নিৰ্বাচনী যুঁজ খল উপভোগ্য হ’ব ৷

কাৰণ দুয়ো জন যুৱ নেতাৰে সমষ্টিটোত এক সুকীয়া পৰিচিতি আছে ৷ এয়া ভোটাৰ ৰাইজৰ একাংশৰ মন্তব্য ৷ অৱশ্যে সময়েহে ক’ব কাৰ শিৰত শোভা কৰে দলীয় টিকট প্ৰাপ্তিৰ মুকুট ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.