শেহতীয়া আপডেটঃ

ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্ব ডাঃ প্ৰত্যশী প্ৰাঞ্জল ভৰালীৰ পোষ্টাৰ চিঙি লণ্ডভণ্ড,ব্যপক প্ৰতিক্ৰিয়া দলৰ আভ্যন্তৰীণ মহলত

● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন
■ আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হোৱাৰ পূৰ্বে ৰঙিয়া সমষ্টিত বিজেপি দলৰ ভিতৰত আৰম্ভ হৈছে আভ্যন্তৰীণ তীব্ৰ সংঘাত। ৰঙিয়াত প্ৰাক নিৰ্বাচনী সংঘাত। বিজেপিৰ ৰাজ‍্যিক কাৰ্যনিৰ্বাহক ডাঃ প্ৰাঞ্জল ভৰালীৰ পোষ্টাৰ আৰু হৰ্ডিং ফালিলে দুৰ্বৃত্তই।

পোষ্টাৰ সমুহত প্ৰাঞ্জল ভৰালীয়ে ৰঙিয়া বাসীক জনাইছিল আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা। কিছুদিন পূৰ্বে লগোৱা এই পোস্তাৰসমুহ ৰাতিটোৰ ভিতৰতে কোনো লোকে ব্লেডেৰে ফালি পেলায়।

এই ঘটনাই ৰঙিয়াৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ‍্য মতে এইবাৰ নিৰ্বাচনত বিজেপি দলৰ পৰা ৰঙিয়া সমষ্টিত ডাঃ প্ৰাঞ্জল ভৰালীও এগৰাকী প্ৰাৰ্থীত্ব প্ৰত‍্যাশী। হয়তো সেইবাবেই ২০০৬ চনত ৰঙিয়া সমষ্টিৰ পৰা বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাঞ্জল ভৰালীয়ে নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাই হৰ্ডিং আৰি নিৰ্বাচনত প্ৰাৰ্থীত্ব বিচৰাৰ ইংগিত দিছিল। ইয়াতেই হয়তো কোনো বিজেপিৰ নেতা ক্ষোভিত হৈ এনে গৰ্হিত কাম কৰাৰ সন্দেহ।

এই ক্ষেত্ৰত প্ৰাঞ্জল ভৰালীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে হৰ্ডিং ফালি পেলোৱাটো কোনো দুৰ্বৃত্তৰ কাৰ্য্য। বিজেপি দলৰ প্ৰকৃত কাৰ্য‍্যকৰ্তা হলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, নেডা তথা ৰাজ‍্যিক বিজেপিৰ নেতৃত্বৰ ফটো থকা হৰ্ডিং ফালিব নোৱাৰিলেহেতেন।

ঘটনাটো তেনেই দুৰ্ভাগ্যজনক বুলি আখ্যা দি ঘটনা সন্দৰ্ভত শীৰ্ষ নেতৃত্বক অৱগত কৰে । উল্লেখ‍্য যে বৰ্তমান ৰঙিয়া সমষ্টিত বিজেপিৰ প্ৰভাৱশালী নেতা তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা থকাৰ পিছতো ডাঃ প্ৰাঞ্জল ভৰালীয়ে টিকট বিচৰা কাৰ্য‍্যৰ বিৰোধিতা কৰাৰ এয়া আৰম্ভণি হব পাৰে ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.