31.3 C
Guwahati
Thursday, November 20, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙাপৰাত শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত শিশু সুৰক্ষা আইনৰ সজাগতা সভা

    শিশুসকলক সুৰক্ষা প্ৰদান আৰু দোষীক শাস্তি প্ৰদান কৰাটো আইনখনৰ মূল লক্ষ্য ১৮ বছৰৰ তলৰ শিশু সকলৰ ওপৰত যৌন বা মানসিক-শাৰীৰিক নিৰ্যাতন চলিলে শিশু আইনখন প্ৰণয়ন কৰা হৈছে।

    ● ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি শোনিতপুৰ জিলা আইন সেৱা প্রাধীকৰনৰ উদ্যোগত শিশু সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয়। পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক ভৱেশ মিশ্ৰই সভাপতিত্ব কৰা শিশু অধিকাৰ আইনৰ সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন গোস্বামীয়ে।

    সজাগতা সভাখনত শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব চিন্ময় বৰুৱা, সমন্বয়ক চাজিদুৰ ৰহমান, ৰঙাপৰা স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দিলিৰাম অধিকাৰী, ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি পংকজ নাথ, উপ সভাপতি চাহিন আহমেদ, ৰঙাপৰা প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক তথা অৰ্ধ আইনী স্বেচ্ছাসেৱক চাহজাহান চেলিম কুৰেছী, সমাজ কৰ্মী ৰাজেন কটকী, আব্দুল ৰহিম, গোবিন্দ দাস, বিৰোজ শইকীয়া, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় কাৰ্যনিৰ্বাহক উপেন্দ্ৰ কুমাৰ নাথ বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্র-ছাত্ৰীসকল উপস্থিত থাকে।

    শিশু অধিকাৰ আইনৰ সন্দৰ্ভত চাজিদুৰ ৰহমানে কয় প্ৰতিজন নাগৰিককে ভাৰতীয় সংবিধানে বহুতো অধিকাৰ দিছে। কিন্তু ৰাইজৰ মাজত সজাগতা অভাৱৰ বাবে একাংশ ব্যক্তি প্ৰকৃত ন্যায় পৰা বঞ্চিত হৈ আহিছে। ১৯৮৭ত আইন প্ৰনয়ন অনুসৰি সকলো ব্যক্তিয়ে ন্যায় পাব পাৰে। এজন দৰিদ্ৰ পৰিয়ালে ধন আৰু জ্ঞানৰ অভাৱৰ বাবে প্ৰকৃত ন্যায় ব্যৱস্থাৰ পৰা বঞ্চিত হৈ আহিছে। একাংশ লোকে কপালৰ দোহাই দি বহু ঘটনা গোপনে ৰাখি থয়। যিসকল নিৰ্যাতন বা পীড়িত লোকসকলে ন্যায়ৰ পোৱাৰ আশা ত্যাগ কৰি দিয়ে সেইসকল লোকক জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

    ধন আৰু সময় অপচয় নোহোৱাৰ বাবে মাজে সময়ে লোক আদালত অনুষ্ঠিত হয়।প্রাধীকৰনৰ সচিব চিন্ময় বৰুৱাই কয় যে আইনখনে শিশুসকলক সুৰক্ষা প্ৰদান আৰু দোষীক শাস্তি প্ৰদান কৰাটো আইনখনৰ মূল লক্ষ্য ১৮ বছৰৰ তলৰ শিশু সকলৰ ওপৰত যৌন বা মানসিক-শাৰীৰিক নিৰ্যাতন চলিলে শিশু আইনখন প্ৰণয়ন কৰা হৈছে।

    শিশুসকলৰ গোপন স্থানত স্পৰ্শ কৰিলে এই আইনখনৰ দ্বাৰা দণ্ডণীয় হ’ব। এজন নিৰ্যাতিত কিশোৰীয়ে অধিবক্তাৰ সন্মুখনত বৰ্ণনা দিবলৈ ভয় কৰে। চৰকাৰী চাকৰিয়াল ব্যক্তিয়ে কিশোৰীৰ ওপৰত নিৰ্যাতনৰ চলালে আইনৰ অধীনত দণ্ডণীয় অধিক বেছি হব আৰু জেললৈ যোৱাটো নিশ্চিত।

    শ্ৰেণীকোঠাত ছাত্র-ছাত্ৰীসকলক বেয়া আৰু ভাল স্পৰ্শৰ সন্দৰ্ভত শিক্ষক সকলক সজাগতাৰ সৃষ্টি কৰিবলৈ তেখেতে আহ্বান জনাইছে। যিকোনো ঘটনা সংঘটিত হোৱাৰ লগে লগে অভিভাৱক সকলক অৱগত কৰিলে দোষীজনক শাস্তি পাব। অশ্লীল মন্তব্য, অশ্লীল বাক্য, অশ্লীল ইংগিত আৰু অশ্লীল ভিডিঅ’ প্ৰেৰণ কৰাটো অপৰাধ। ৰাইজ সচেতন হলেহে বৰ্তমানৰ সময়ত শিশুসকল সুৰক্ষিত হ’ব।

    যিকোনো ঘটনা সংঘটিত হোৱাৰ পাছত সমাজে ঘাপ দিয়াৰ চেষ্টা কৰিলে ১০৯৮ নম্বৰত ফোন কৰিবলৈ যিকোনো শোষণৰ পৰা ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব। বাল্য বিবাহৰ সৈতে জড়িত হোৱা পিতৃ-মাতৃসকলক দোষী সাব্যস্ত কৰা হয়। ডাঃদিলিৰাম অধিকাৰ কয়-অশিক্ষিত সমাজত বাল্য বিবাহ চলি আহিছিল আৰু বৰ্তমানও প্ৰচলন চলি আছে।

    শিক্ষা ব্যৱস্থাৰ দ্বাৰা কিছু শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে ইয়াৰ কাৰণ হৈছে একাংশ পিতৃ-মাতৃ সচেতন নহয়। এজনী কিশোৰী কম বয়সত গৰ্ভধাৰণ কৰিলে পাছত শিশুটিৰ বা মাতৃৰ মৃত্যু ঘটি আহিছে। কম সময়ত মাতৃসকলে প্ৰায়েই শাৰীৰিক ভাৱে সক্ষম সন্তান জন্ম দিয়ে। পিতৃৰ বয়সৰ সন্তানটি সুস্থ নহয়। বাল্য বিবাহ ৰোধ কৰিলে সমাজ পৰিৱতন ঘটিব। প্ৰাপ্তবয়স্ক পিতৃ-মাতৃ নহলে নিজৰ স্বাস্থ্য, সমাজ আৰু সন্তানৰ বাবে ক্ষতিকাৰক বুলি তেখেতে সদৰী কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds