31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    সন্ধাত বিদ্যুৎপৃষ্ট হৈ প্ৰাণ গ’ল গৰুসহ এগৰাকী কৃষকৰ

    ♦ পূব নলবাৰীৰ অন্তৰ্গত সন্ধা গাওঁত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা।

    সন্ধা গাওঁ নিবাসী মুনীন্দ্ৰ মালাকৰ নামৰ কৃষক জনৰ ৰাতিপুৱা গৰু চৰাবলৈ যাওঁতে ওচৰতে থকা ফাৰ্ম এখনত বিদ্যুৎ পুষ্ট হৈ গৰু সহ এজন কৃষকে কৰুণ ভাৱে মৃত্যুক আকোঁৱালি ল’ব লগা হয়।

    তিনি জনীয়া অতি দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ তেখেতে আছিল অৰ্থ উপাৰ্জনকাৰী। স্থানীয় লোকে জানিবলৈ দিয়া মতে আজি ৰাতিপুৱা অইন দিনাৰ দৰে পুৱা প্ৰায় ৭.৩০ বজাত গৰু লৈ যাওঁতে ওচৰৰে ফাৰ্ম এখনৰ বিদ্যুৎ সংযোগী অবৈধ তাঁৰত বিদ্যুৎ প্ৰবাহিত হৈ গৰুৰ সৈতে তেখেতে মৃত্যুক আকোঁৱালী লয়।

    মৃত্যুৰ বুজ লবলৈ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আৰু আৰক্ষী ঘটনাস্থলিত উপস্থিত হোৱাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.