31.3 C
Guwahati
Wednesday, October 29, 2025
More

    শেহতীয়া আপডেটঃ

    শিল্পী পেন্সনৰ পৰা বঞ্চিত ৰজনী দাস

     

    শিল্পী পেন্সনৰ পৰা বঞ্চিত ৰজনী দাস

    বৰাজোলত প্ৰচাৰ বিমুখ ঢুলীয়া শিল্পী

    একালত বৰ্তমানৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ভাত ৰান্ধনী দাসৰ শিল্পী পেন্সনৰ বাবে বিভিন্ন দল -সংগঠনৰ দাবী

    মানুহজনৰ নাম ৰজনী দাস । তেওঁ ১২ বছৰ বয়সৰ পৰাই ঢুলীয়া শিল্পীৰ প্ৰতি আকৰ্ষিত হৈ ঢুলীয়া শিল্পীৰ বিভিন্ন বাদ্যসমূহ নিৰৱচ্ছিন্নভাৱে পৰিৱেশন কৰাৰ উপৰিও ঢুলীয়া নাটত অভিনয় কৰি অসমৰ ইমুৰৰ-পৰা সিমুৰলৈ বিভিন্ন খন পূজাস্থালীৰ লগতে সাংস্কৃতিক অনুষ্ঠানত নাট‍্যভিনয় কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল এগৰাকী শিল্পীয়ে। পাছত তেওঁ প্ৰয়াত ৰজনীকান্ত দাসৰ তত্বাৱধানত ঢুলীয়াৰ সকলো শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত নলবাৰী জিলাৰ গোৱৰদল মিলন কামৰূপীয়া ঢুলীয়া দ’লৰ ঢুলীয়া ভাওৰীয়া হিচাপে বৰ্তমানলৈ শিল্পীকৰ্মত জৰিয়ত হৈ আহিছে যদিও সম্প্ৰতি দেহত কেবাটাও জটিল ৰোগত আক্ৰান্ত হৈ শিল্পীগৰাকী বিচনাত চটফটাই আছে। কিন্তু দুখৰ বিষয় যে এজন জনপ্ৰিয় ঢুলীয়া শিল্পীৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ পিছতো তেওঁ শিল্পী পেঞ্চনৰ বাবে চৰকাৰৰ ওচৰত বহুবাৰ আবেদন-নিবেদন কৰিও লাভ কৰা নাই শিল্পী পেঞ্চন তথা শিল্পী এককালীন সাহাৰ্য। জীৱনৰ ৬৫ বছৰ বসন্ত গৰকা এইগৰাকী প্ৰচাৰ বিমুখ শিল্পীগৰাকী নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ অন্তৰ্গত বৰাজোল গাঁৱৰ ধুৰকুছিপাৰা চুবুৰীৰ।
    কিন্তু এই প্ৰচাৰ বিমুখ শিল্পীগৰাকীয়ে বৰ্তমান ৰজাঘৰীয়াৰ পৰা শিল্পী পেন্সন বা কোনো ধৰণৰ চৰকাৰী সা-সুবিধা বা সন্মান লাভ নকৰাত শিল্পী ৰজনী দাসে সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰিছে। চৰকাৰীভাৱে কোনো গৃহ নোপোৱাত সম্প্ৰতি দাসে জহি -খহি যাৱলৈ উপক্ৰম হোৱা এটি জৰাজীৰ্ণ জুপুৰিত কোনো মতে চাৰিটা পৰিয়ালেৰে জীৱন নিৰ্বাহ কৰি আহিছে বুলি সদৰী কৰে। তেওঁ লগতে কয় যে একালত বৰ্তমানৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ভাত ৰান্ধনী হিচাপে কাম কৰিছিল বুলিও মন্তব্য কৰে। অভাৱগ্ৰস্ত এইজনা মহান শিল্পীগৰাকীয়ে পাশ্চাত্য লোকসংস্কৃতিৰ আসক্ত সমাজখনত কামৰূপীয়া ঢুলীয়া লোক-সংস্কৃতি এতিয়া মুল‍্যহীন হৈ পৰা বুলিও আক্ষেপ কৰে।ইফালে অঞ্চলটোৰ বিভিন্ন -দল সংগঠনে শিল্পী গৰাকীৰ সু চিকিৎসা তথা আৰ্থিক সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

    ফইজুল হক চৌধুৰী

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds