31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    লৌহপুৰুষ ক্ৰীড়াৰত্ন প্ৰেমদা কান্ত শৰ্মাৰ ১১০ সংখ্যক জন্মদিৱসৰ শুভাৰম্ভ

    দেশৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী অক্লান্ত সেণানী, অসম শক্তি মেলাৰ অন্যতম প্ৰথম গৰাকী চেম্পিয়ন, সৰ্বশ্ৰেষ্ঠ সন্তৰণ বীৰৰূপে বিভূষিত তথা ত্ৰিশ-পঞ্চাশ দশকৰ এগৰাকী শক্তিশালী অভিনেতা লৌহপুৰুষ ক্ৰীড়াৰত্ন প্ৰেমদা কান্ত শৰ্মাৰ আজি পৱিত্ৰ ১১০ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা ২৯ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া-সংস্কৃতিক উৎসৱৰ আজি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে সৈতে গুৱাহাটীৰ উজানবজাৰস্থিত লেম্ব পথৰ লৌহপুৰুষ গৰাকীৰ বাসভৱনত আন্তৰ্জাতিক খেলুৱৈ তথা ভাৰত চৰকাৰৰ দ্বাৰা আজাদী কি অমৃত মহোৎসৱৰ সমাজ সেৱা বঁটাপ্ৰাপক কৈলাশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়।

    অনুস্থানৰ আৰম্ভণিতে লৌহপুৰুষ গৰাকীৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী ৰীনা গোস্বামীয়ে। সভাপতি কৈলাশ শৰ্মাই ভাষন প্ৰসঙ্গত লৌহপুৰুষ গৰাকীৰ স্মৃতি চাৰণ কৰি কয় যে ক্ৰীড়াৰত্ন প্ৰেমদা কান্ত শৰ্মাৰ কৰ্ম ৰাজিৰ বিষয়ে কবলৈ গলে এখন সম্পূৰ্ণ ৰামায়ণ বা মহাভাৰতৰ লেখীয়া গ্ৰন্থৰ ৰূপ পাব। কাৰণ তেখেতে জীৱন কালত স্থাপন কৰি যোৱা বিভিন্ন শিতান সমূহৰ ভিতৰত কেইটা উল্লেখনীয় বিষয় হৈছে ১৯৩০ চনত সোণাৰাম স্কুলত অধ্যয়ন কৰি থকা সময়ত সূৰ্য সেনৰ নেতৃত্বত বৃটিছৰ বিৰুদ্ধে বৰ্তমান বাংলাদেশৰ চিট্টাগঙত অৱস্থিত বৃটিছৰ অস্ত্ৰাগাৰ জলাই দি ধ্বংস কৰা কাৰ্য্যসূচীৰ অন্যতম সদস্য হোৱাৰ লগতে উভটি অহাৰ পাছত গান্ধী- চৰ্দাৰ পেটেল-গোপীনাথ বৰদলৈৰ লগতে অন্যান্য স্বাধীনতা সংগ্ৰামীৰ নেতৃত্বত অহিংসা পথেৰে স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল। স্বাধীনতা সংগ্ৰামৰ লগে লগে লৌহপুৰুষ গৰাকীয়ে জীৱন কালত কৰি যোৱা এনে কিছুমান অভিলেখ আছে যিসমূহ বিগত ৮০ৰ পৰা ৯০ বছৰলৈকে অৰ্থাৎ বৰ্তমানলৈকে কোনো এগৰাকী ক্ৰীড়াবিদে ভংগ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ ভিতৰত দুটা উল্লেখযোগ্য ঘটনা হৈছে যে, ১৯৩৩-৩৪ চনত সেই সময়ৰ এছিয়ান সাতোঁৰৰ চেম্পিয়ন প্ৰখ্যাত বঙ্গৰ সন্তৰণবিদ প্ৰফুল্ল ঘোষ আৰু তেওঁৰে সহযোগী বানী ঘোষে গুৱাহাটীলৈ আহি বৰভুঁইকঁপৰ আগৰ ক্ষৰস্ৰোতা মহাবাহু ব্ৰহ্মপুত্ৰৰ ৰাজদুৱাৰৰ পৰা ভৰলুমুখৰ বৰ্তমানৰ নতুনকৈ নিৰ্মাণ হৈ থকা দলং (সোণাৰাম স্কুলৰ খেলপথাৰৰ সমীপ) লৈ সাতুঁৰি পাৰ হোৱাৰ বাবে স্থানীয় সাতোঁৰবিদক প্ৰত্যাহ্বান জনোৱাত সোণাৰাম স্কুলৰ ছাত্ৰ প্ৰেমদাই উক্ত প্ৰত্যাহ্বান গ্ৰহণ কৰি একেলগে ব্ৰহ্মপুত্ৰৰ জলৰাশিত জপিয়াই পৰে আৰু মহাবাহুৰ বুকুৰ ভয়াবহ ডকা চাকনৈয়া ফালি দুৰন্ত গতিৰে মাত্ৰ ১৫ মিনিট সময় লৈ উক্ত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰাৰ লগে লগে সেইসময়ৰ বৰঅসম তথা বৰ্তমানৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা যিকোনো ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক খেলৰ খেলুৱৈক পৰাভূত কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰথম গৰাকী অসমীয়া খেলুৱৈ ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

    উল্লেখযোগ্য কথা এইয়ে যে বৰ্তমানলৈ এই ৯০ বছৰৰো অধিক কালত কোনো এগৰাকী সাতোঁৰবিদে এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হোৱা নাই। আনটো অভিলেখ হৈছে ১৯৩৭ চনৰ ২২ জুলাই তাৰিখে ভৰবাৰিষাৰ ব্ৰহ্মপুত্ৰৰ নগাৱৰ কলিভোমোৰা ঘাটৰ পৰা তেজপুৰৰ পদুমঘাটলৈ ২০ কিলমিটাৰৰ জলৰাশি সাতুঁৰি পাৰ হৈ এক জাগৰণৰ সৃষ্টি কৰিছিল। ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰৰ হাজাৰ হাজাৰ ৰাইজে চাক্ষুস দৰ্শন কৰি আচৰ্যজনিত হোৱা এই ভয়াবহ সাতোঁৰৰ সময়ত নাৱত ভলণ্টিয়াৰৰূপে আছিল ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগতে দূৰ্গা গোস্বামী, মুনীন বৰুৱা, হিতেশ্বৰ মহন্ত, গঙ্গাৰাম দাস, নিবাৰন বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল। সাঁতোৰৰ শেষত ৰায়বাহাদুৰ চন্দ্ৰ কুমাৰ আগৰৱালাৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰেমদাক উৎসাহিত কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিনন্দ চন্দ্ৰ বৰুৱাই লৌহপুৰুষ উপাধি প্ৰদান কৰি সন্মানিত কৰিছিল। ইয়াৰ বাহিৰেও এইগৰাকী ক্ষণজন্মা পুৰুষৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ অভিলেখ আছে। সেয়েহে আজিৰ এই শুভাৰম্ভ কাৰ্যসূচীত উপস্থিত সকলো বিশিষ্ট ব্যক্তিয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছে যাতে এইগৰাকী মহান ব্যক্তিৰ কৰ্মৰাজিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান শৰ্মাই কৰি যোৱা অভিলেখৰ স্থানত নিৰ্মাণ হৈ থকা গুৱাহাটী উত্তৰ গুৱাহাটী দলংখন এইগৰাকী বীৰৰ নামত অৰ্পণ কৰি গুৱাহাটী, নগাঁও আৰু তেজপুৰৰ যি স্থানত লৌহপুৰুষ গৰাকীয়ে অভিলেখ স্থাপন কৰি থৈছে সেই স্থানত এটাকৈ আৱক্ষ মূৰ্তি স্থাপন কৰিবলৈ। সভাত সম্পাদক গীতু দাস, অমল মেধী, মফিদুৰ ৰহমান, ৰীতুৰাজ দাস, জীতেন শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য লোক উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds