31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    লাকুৱা অ’এনজিচিৰ দুই অপহৃতক চৰাইদেউ আৰক্ষীক অৰ্পণ নগালেণ্ড আৰক্ষীৰ

    ● পার্থ প্ৰতিম বৰুৱা, শিৱসাগৰঃ
    উদ্ধাৰৰ পিছতে সংবাদমেলৰ সম্বোধন অ’এনজিচি কৰ্মচাৰীৰ

    ◆ নগালেণ্ড আৰক্ষীয়ে চৰাইদেউ আৰক্ষীৰ হাতত গতাই দিয়ে অ’এনজিচিৰ দুই অপহৃত কৰ্মচাৰী ক্ৰমে মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক ।

    ◆ ঘন জংঘলৰ মাজত হোৱা গুলী চালনাৰ পিছত মোহিনী আৰু অলকেশক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আলফাৰ কৱলৰ বুলি দাবী আৰক্ষীৰ। সেই গুলী চালনাৰ পিছৰ পৰাই সংযোগ বিছিন্ন হৈছিল ৰিতুল শইকীয়াৰ সৈতে। আলফাৰ দ্বাৰা অপহৃত তিনি অ’এনজিচিৰ বিষয়া-কৰ্মচাৰীৰ ভিতৰত দুজন কৰ্মচাৰী ক্ৰমে মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক শনিবাৰে সেনা আৰু অসম ৰাইফলছে যুটীয়া ভাৱে উদ্ধাৰ কৰে৷ ইয়াৰ পাচতে চৰাইদেউ আৰক্ষীক গতাই দিয়া হয় দুই কৰ্মচাৰীক৷

    ◆দেওবাৰে পুৱা মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক চৰাইদেউ আৰক্ষীয়ে সোণাৰিৰ সদৰ থানালৈ অনাৰ পিছত দুয়োগৰাকীয়ে এক স‌ংবাদমেল সম্বোধন কৰে। দুয়ো গৰাকী কৰ্মচাৰীয়ে বৰ্ণনা কৰিলে অপহৰণ কাণ্ডৰ কথা। উল্লেখ্য যে আলফা, এনএছচিএনৰ সৈতে সামৰিক বাহিনীয়ে সংঘৰ্ষ হোৱাৰ মুহুৰ্তত সংযোগ বিছিন্ন হৈছিল ৰিতুল শইকীয়াৰ সৈতে ।

    ◆ বৰ্তমান ৰিতুল শইকীয়া সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষী ফালৰ পৰা জানিবলৈ দিয়ে।

    আনহাতে চৰাইদেউ জিলাৰ পৰা নাজিৰাৰ ONGC মুখ্য কাৰ্যালয়ত উপস্থিত হোৱা দুই অপহৃতৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বাধা প্ৰদান কৰে ONGC কৰ্তৃপক্ষই।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds