31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    মায়ঙৰ মনহা ৰাইজৰ বহুদিনৰ সমস্যা সমাধান

    মায়ঙৰ মনহা ৰাইজৰ বহুদিনৰ সমস্যা সমাধান
    প্ৰতিবেদক,মায়ং,৭ফেব্ৰুৱাৰী:ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকলৈ সুখৱৰ আনিছে ।ভাৰতীয় ষ্টেট বেংকৰ নগাঁও ক্ষেত্ৰীয় সহকাৰী প্ৰবন্ধক চমুকৈ এ, জি,এম,ৰঞ্জিত দত্তই ফিটা কাটি মনহা পঞ্চায়ত কাৰ্যালয়ৰ কাষতে আজি এটা গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰে।গ্ৰাহক সেৱা কেন্দ্ৰটোৰ শুভাৰম্ভ অনুষ্ঠানত জাগী ভকতগাঁও গাঁও পঞ্চায়তৰ সভাপতি প্ৰণৱ দাস, নগাঁও ক্ষেত্ৰীয় বাণিজ্যিক উত্তৰণ বিষয়া ৰাকেশ কুমাৰ, জাগীৰোড শাখাৰ প্ৰবন্ধক ৰবি কুমাৰ, মৰিগাঁও জিলাৰ ‘দৃষ্টি’ৰ ব্যবসায়ীক বিষয়া সঞ্জীৱ সৰকাৰ আদিও উপস্থিত থাকে।গ্ৰাহক সেৱা কেন্দ্ৰটোৰ স্বত্বাধিকাৰী দময়ন্তী ৰাজবংশীক ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় সহকাৰী প্ৰবন্ধক ৰঞ্জিত দত্তই আনুষ্ঠানিক ভাৱে দায়িত্ব অৰ্পণ কৰাৰ পাছতেই উপস্থিত ৰাইজৰ লগত এক দিঘলীয়া সুহাদ্যপূৰ্ণ আলোচনাত মিলিত হৈ ৰাইজৰ সুবিধা অসুবিধা তথা আৰ্থিক স্বাৱলম্বিতাৰ বিষয়ত বুজ লয়। অনাগত সময়ত একাউণ্ট অপেনিং, ধনৰ লেন-দেনৰ ওপৰিও ভাৰত চৰকাৰৰ দ্বাৰা ঘোষিত যিকোনো বীমা আঁচনিৰো সুবিধা এই গ্ৰাহক কেন্দ্ৰটোৰ পৰা প্ৰদান কৰা হ’ব বুলি প্ৰবন্ধক গৰাকীয়ে জানিবলৈ দিয়ে । উল্লেখ যে এই গ্ৰাহক সেৱা কেন্দ্ৰটোয়ে কৃষি প্ৰধান বৃহৎ মনহা অঞ্চলৰ কৃষক তথা গ্ৰাহক সকলৰ বহুদিনীয়া এটা সমস্যা সমাধান কৰাৰ বাবে দময়ন্তী ৰাজবংশীক ধন্যবাদ জনাই বৃহৎ মনহা বাসীৰ ৰাইজে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds