31.3 C
Guwahati
Saturday, October 25, 2025
More

    শেহতীয়া আপডেটঃ

    ‘ভাষা হৈছে এটা জাতিৰ জীৱনী শক্তি’-নতুন সাহিত্য পৰিষদৰ মাতৃভাষা দিৱস উদযাপন

    গুৱাহাটী, ২১ ফেব্ৰুৱাৰীঃ নতুন সাহিত্য পৰিষদে আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সভাত অংশগ্ৰহণ কৰি উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা যশস্বী গৱেষক ডঃ মনোৰমা শৰ্মাই কয় যে ‘ভাষা সকলোতকৈ গুৰুত্বপূৰ্ণ, ধৰ্ম নহয়। ভাষাই মানুহক বান্ধি ৰাখে।’ এটা পৰিৱেশত এইটো কৈ ভাল পায় সেইটোৱেই নিজৰ ভাষা।সেই ভাষাই শিক্ষাৰ মাধ্যম হোৱা উচিত। আজিকালি ঘৰবোৰ মিশ্ৰিত ভাষাৰে প্ৰভাৱান্বিত হৈছে। কিন্তু আমাৰ খিলঞ্জীয়া ভাষাবোৰক মৃত্যুৰ গৰাহলৈ থেলি পঠাব নোৱাৰি। সেইবাবে ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে ২১ ফেব্ৰুৱাৰীৰ দিনটো নিৰ্ধাৰণ কৰিছিল। ভাষাটোৰ প্ৰতি মই মৰম সেয়া লাহে লাহে চেষ্টা কৰা হৈছে।এইধৰণৰ গোলোকীকৰণ হৈছে তাৰ প্ৰতি সাৱধান হ’ব লাগিব।

    ‘ইয়াৰ পিছতে ডঃ অপূৰ্ব কুমাৰ বৰুৱাৰ ভাষণৰ কিয়দংশ ডঃ মনোৰমা শৰ্মাই পাঠ কৰে। ডঃ অপূৰ্ব কুমাৰ বৰুৱাই তেওঁৰ ভাষণত উল্লেখ কৰে, একোটি এইটো ভাষা সলসলীয়াকৈ আয়ত্ত্ব কৰে সেয়াই আচলতে মাতৃভাষা। ভাষা বিলুপ্ত কৰা এটা মানৱ অধিকাৰ ভংগৰ কথা।চৰকাৰে জোৰপূৰ্বক অসমীয়াৰ ঠাইত হিন্দী ভাষাৰ শব্দ ব্যৱহাৰ কৰিব ধৰিছে। বজাৰে ভাষা নিয়ন্ত্ৰণ কৰিবলৈ লৈছে। হিন্দী ভাষাই বজাৰত প্ৰভাৱ বিস্তাৰ কৰিছে। সভাত অংশগ্ৰহণ কৰি তাৰিণী চৰণ চৌধুৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শুভলক্ষ্মী বৰুৱাই কয় যে ‘ভাষিক আৰু সাংস্কৃতিক বিপৰ্যয়ৰ জ্বলন্ত উদাহৰণ মই নিজেই। কাৰণ মাতৃভাষাৰে মই শিক্ষা লোৱা নাছিলো। চাকৰি কালত বউজইছও কিয় মাতৃভাষাৰে শিক্ষা লাভ কৰা দৰকাৰ। ভাষা দিৱসৰ আহ্বান দি ৰাষ্ট্ৰসংঘই এটা উত্তম কাম কৰিছে। কাৰণ পৃথিৱীত হেজাৰ হেজাৰ মাতৃভাষা বিলুপ্ত হৈছে। ইয়াৰ লগে লগে আমাৰ পাৰম্পৰিক জ্ঞানৰ বিলুপ্ত হৈছে। এয়া কম ভয়ংকৰ কথা নহয়।ভাষিক বৈচিত্ৰ্য হেৰুওৱাৰ লগে লগে আমি সাংস্কৃতিক বৈচিত্ৰ্যও হেৰুৱাইছোঁ। বিশ্বযুদ্ধৰ পৰাই দ্ৰুতগতিত এই পৰিৱৰ্তন সমূহ অনুভূত হৈছে।অথচ চানক্যই কৈ যোৱা তিনি ৰত্নৰে এটা হ’ল ভাষা। ভাষা হৈছে এটা জাতিৰ জীৱনী শক্তি।’

    তেওঁ আৰু কয় যে তেওঁ চাকৰিত সোমোৱাৰ সময়ত ছাত্ৰী আছিল ১৫০০ আৰু তিনি দশক পিছত আজি পৰিমাণ হৈছে ৫০০। সম্ভ্ৰান্ত শ্ৰেণীৰ লোকে তেওঁলোকৰ ছাত্ৰীক আমাৰ বিদ্যালয়লৈ নপঠায়। সভাত উপস্থিত থাকি ডঃ পৰমানন্দ মজুমদাৰে কয় যে ভাষাৰ প্ৰতি মৰম নাথাকে তেন্তে আমাৰ ভাষাও নাথাকিব, সংস্কৃতিও বিলুপ্ত হ’ব।নতুন সাহিত্য পৰিষদৰ গুৱাহাটী আঞ্চলিক সমিতিৰ সভাপতি ডঃ ঘনশ্যাম নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে অভ্যাগতসকলক আদৰণি জনায় সম্পাদক দেৱানন্দ শৰ্মাই। আৰম্ভণিতে পৰিষদৰ শীৰ্ষ গীত ‘নামি অহা সুন্দৰৰে সেনা শিল্পী দল’ পৰিৱেশন কৰে প্ৰিয়ম্বদা দাস,ৰীণাৰয় খাটনীয়াৰ, ঋজুশ্ৰী শৰ্মা মজুমদাৰ প্ৰমুখ্যে শিল্পীসকলে।পৰিষদৰ যুটীয়া সস্পাদক সমীন্দ্ৰ হুজুৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যাত মাতৃভাষা দিৱসৰ তাৎপৰ্য তুলি ধৰি মাতৃভাষাৰ সাম্প্ৰতিক দুৰ্যোগৰ বিষয়ে উল্লেখ কৰে। তেওঁ উল্লেখ কৰে মাতৃভাষাৰ স্বাভাৱিক বিকাশত বৰ্তমানৰ চৰকাৰখন বাধাৰ প্ৰাচীৰ হৈ পৰিছে। সভাত প্ৰয়াস মজুমদাৰ (কোনে কাঢ়ে কোৱাৰ অধিকাৰ)আৰু প্ৰিয়ম্বদা দাসে (মই অসমৰ মই ভাৰতৰ) দুটা গীত পৰিৱেশন কৰে।

    সভাত অসম চৰকাৰে স্কুল সমূহৰ আলোচনীৰ বাবে ঘোষণা কৰা আৰ্থিক অনুদান আদায় নিদিয়াৰ ফলত প্ৰায় স্কুলে আলোচনী প্ৰকাশ বন্ধ হোৱাত উদ্বেগ প্ৰকাশ কৰে।স্কুলীয়া ছাত্ৰ-ছাত্ৰীযৰ মাতৃভাষা চৰ্চাৰ সুযোগ দিয়াৰ বাবে আলোচনী সমূহ প্ৰকাশ কৰিবলৈ অনুদান আদায় দিবলৈ আহ্বান জনায়,তাকে কৰিব নোৱাৰিলে পূৰ্বৰ ছাত্ৰ ছাত্ৰীৰ বৰঙনিৰে আলোচনী উলিয়াবলৈ নিৰ্দেশ দিবলৈ আহ্বান দিয়ে।শেষত ভাষা লৈ প্ৰস্তাৱ পাঠ কৰে ডাঃ অনিল চৌধুৰীয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds