31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বীৰছা মুণ্ডা নামেৰে পৰিচিত ধৰতি আবাৰ ১৫০ সংখ্যক জন্মজয়ন্তী দেওবাৰে নতুন দিল্লীত উদযাপন

    নতুন দিল্লী: বীৰছা মুণ্ডা নামেৰে পৰিচিত ধৰতি আবাৰ ১৫০ সংখ্যক জন্মজয়ন্তী দেওবাৰে নতুন দিল্লীত উদযাপন কৰে অসমৰ বিশিষ্ট আদিবাসী সমাজকৰ্মী ডি কে চৌহানৰ ‘আধুনিক ইণ্ডিয়া’ নামৰ সংস্থাটোয়ে। নতুন দিল্লীৰ লেডী হাৰ্ডিং চিকিতসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানটোত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামকে ধৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰিয়া আৰু কেবাটাও দেশৰ ৰাষ্ট্ৰদূতসকলে অংশ গ্ৰহণ কৰে। মন্ত্ৰী ওৰামে বীৰছা মুণ্ডাক চালাম জনাই কয় যে আদিবাসী জনগণক উত্তৰণৰ বাট প্ৰদৰ্শনা বীৰাছা মুণ্ডাক এনেই ভগৱানৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাই।

    যুদ্ধ দেশৰ বাবেই হওক কিম্বা সামাজিক-ৰাজনৈতিক অধিকাৰ লাভৰ বাবে, যুদ্ধ কেনেদৰে জয় লাভ কৰিব পাৰি তেওঁৰ পৰাই শিক্ষা লোৱা উচিত। বীৰছা মুণ্ডাৰ জীৱন বৃত্তান্তই তেওঁৰ জীৱনক কেনেকৈ প্ৰভাবিত কৰিছিল সেই কথা আচাৰিয়াই নিজৰ ভাষণত দাঙি ধৰে। অনুষ্ঠানত অংশ গ্ৰহণ কৰি কোকৰাঝাৰৰ সাংসদ জয়ন্ত বছুমতাৰীয়ে কয় যে মাত্ৰ ২৫ বছৰ বয়সতেই বৃটিচ সাম্ৰাজ্য কঁপাই তোলা বীৰছা মুণ্ডাই শিকাই থৈ গৈছে যে যতেই আদিবাসী আছে, বনভূমি সুৰক্ষিত আছে। আনহাতে অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় আধুনিক ইণ্ডিয়াৰ ডি কে চৌহানে। লক্ষ্যনীয়ভাবে অনুষ্ঠানত অসম, পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, মধ্য প্ৰদেশ, ছত্তিশগড় আৰু ৰাজস্থানৰ উপৰি চুবৰীয়া নেপালৰ পৰা অহা লোকেও অংশ গ্ৰহণ কৰে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.