বিশ্বনাথ মহকুমা ছাত্ৰ সন্থা কাৰ্যনিৰ্বাহ সভা সম্পন্ন

অসম খবৰ ডিজিটেল ডেস্ক ১২ ছেপ্টেম্বৰ :
দেওবাৰে বিহালী সমষ্টিৰ জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত জিনজিয়া অতিথিশালা প্ৰেক্ষাগৃহত এদিনীয়াকৈ বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।
বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাই উক্ত কাৰ্যনিৰ্বাহ সভাত বৰ্তমান সময়ত জিলা খনত হৈ থকা বহু কেইটা সমস্যাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাৱে আলোচনা কৰা লগতে বহু কেইটা প্ৰস্তাৱ গ্ৰহণ কৰে সন্থাই। উক্ত কাৰ্যনিৰ্বাহ সভাত কেন্দ্ৰীয় সমিতি কাৰ্যনিৰ্বাহ সদস্য লগতে জিলা খনৰ বহু কেইজন সদস্য উপস্থিত থাকে। অনুষ্ঠানটো জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাই সুন্দৰ ভাৱে আয়োজন কৰা বাবে ধন্যবাদ জনাই মহকুমা ছাত্ৰ সন্থাই।