31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ জৈৱিকৰ সহযোগত প্ৰস্তুত কৰা হৈছে এই স্প্রে মেচিন

    বিশ্বনাথ জৈৱিকৰ সহযোগত প্ৰস্তুত কৰা হৈছে এই স্প্রে মেচিন
    অসম খবৰ বিশ্বনাথ চাৰিআলি ৯ ছেপ্টেম্বৰ::

    বিশ্বনাথৰ এজন স্বেচ্ছামূলক অৱসৰ গ্রহণ কৰা এজন জোৱানে ট্ৰেক্টৰত সংযোজিত কৰিলে এটা স্প্রে মেছিন

    দুৰ্গম অঞ্চলৰ কৃষি ক্ষেত্ৰটো ঔষধ স্প্রে কৰিব পাৰিব এই মেচিনৰ জৰিয়তে

    বিশ্বনাথ জৈৱিকৰ সহযোগত প্ৰস্তুত কৰা হৈছে এই স্প্রে মেচিন।

    চি আৰ পি এফ ৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি কৃষি ক্ষেত্ৰত আত্মনিয়োগ কৰিছিল বিশ্বনাথৰ যুৱকে। বিশ্বনাথ চাৰিআলিৰ গেৰুৱাবাৰী গাঁও নিবাসী তপন বৰা নামৰ যুৱক জনে পৰৱৰ্তী পৰ্যায়ত গ্ৰহণ কৰে বিশ্বনাথ জৈৱিকৰ মুখ্য সমন্বয়কৰ দায়িত্ব। সম্প্ৰতি প্ৰায়৭০বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰাৰ উপৰি চাহ খেতি, ছাগলী পালন আদিৰে নৱ প্ৰজন্মক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে এই প্ৰাক্তন কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ জোৱানে। আজি এই জন কৰ্মদ্যমী যুৱকে এখন ট্ৰেক্টৰত সংযোজিত কৰিলে এটা স্প্রে মেচিন। পঞ্জাৱ ,হাৰিয়ানা আদি স্থানৰ অভিজ্ঞতাৰে নিৰ্মাণ কৰি উলিয়া এই মেচিন টো ট্ৰেক্টৰত সংযোজিত কৰা হৈছে। আনকি দুৰ্গম অঞ্চলত ট্ৰেক্টৰৰ সহায়ত এই স্প্রে মেচিন ৰ জৰিয়তে কম সময়ৰ ভিতৰতে চাহ, ধান আদিত ঔষধ স্প্রে কৰিব পাৰি। ইয়াত শ্ৰমিকৰ খৰছ কম হয়।আজি এই স্প্রে মেচিন বিশ্বনাথৰ “তনুজা চাহ বাগিচা”ত পৰীক্ষা মূলক ভাবে ব্যৱহাৰ কৰা হয়। এই সৃষ্টিশীল কামৰ বাবে তপন বৰাক এখন ফুলাম গামোছাৰে আদৰণি জনাই বিশ্বানাথ জৈৱিকৰ অন্যতম উদ্যোক্তা নিৰঞ্জন হাজৰিকাই। এই আদৰণি গ্ৰহণ কৰি যুৱ কৃষক গৰাকীয়ে তেওঁ বিভিন্ন স্থানত দেখা আধুনিক কৃষি পদ্ধতিৰ বিষয়ে উল্লেখ কৰে আৰু অসমক এনেবোৰ ব্যৱস্থাৰ মাধ্যমে আগুৱাই নিব পৰা যাব বুলি মন্ত্যব কৰে।তেওঁ ট্ৰেক্টৰত সংযোজিত  স্প্রে মেচিনৰ জৰিয়তে কৃষক ৰাইজ উপকৃত হব বুলি মন্ত্যব কৰে।এই অনুষ্ঠানতে বিশ্বনাথ জৈৱিকৰ সদস্য পদ গ্ৰহণ কৰে আন এজন অৱসৰ প্ৰাপ্ত সেনা তথা উদ্যমী কৃষক খৰাশিমলু নিবাসী পদ্ম বৰাই।তেওঁ ক এখন ফুলাম গামোছাৰে আদৰণি জনাই বিশ্বনাথ জৈৱিকৰ সম্পাদক অভিজিত বৰাই। অনুষ্ঠানৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds