31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ চাৰিআলিত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

    বিশ্বনাথ চাৰিআলিত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

    বিশ্বনাথ ২৭ ডিচেম্বৰ:- বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে অসম সাহিত্য সভাৰ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

    পুৱা ৮:৪৫ বজাত অসম জাতীয় সংগীত পৰিবেশনৰে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি কমল চন্দ্ৰ ভূঞাই।

    ইয়াৰ পাছতে দিনৰ ১০:০০ বজাৰ পৰা বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ পদ্মনাথ গোহাঞিবৰুৱা সভাকক্ষত অসম সাহিত্য সভাৰ শীৰ্ষ সংগীত ‘ চিৰ চেনেহী মোৰ ভাষা জননী ‘ গীত পৰিবেশনেৰে অনুষ্ঠিত হোৱা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ সভাখনত সভাপতিত্ব কৰে শাখা সমিতিৰ সভাপতি কমল চন্দ্ৰ ভূঞাই। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা কালৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে জড়িত সাহিত্যিনুৰগীৰ স্মৃতিত অনুষ্ঠিত হোৱা বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ভাগত বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগেন চন্দ্ৰ শৰ্মা।

    আজিৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা অ-বিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ইন্দ্ৰ প্ৰসাদ শইকীয়াই অসম সাহিত্য সভাৰ অতীত,বৰ্তমান আৰু ভৱিষ্যত পদক্ষেপ সম্পৰ্কে বহল বাখ্যা আগবঢ়োৱাৰ লগতে নৱ প্ৰজন্মক সাহিত্য চৰ্চাত মনোনিৱেশ কৰিবলৈ আহ্বান জনাই। বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ সম্পাদক অঞ্জন বৰাই আঁতধৰা আৰু সহকাৰী সম্পাদক সূৰ্য্য বৰাই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত সমজুৱা ফালৰ পৰা বক্তব্য আগবঢ়াই বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হীৰেন বৰা, শাখাৰ পত্ৰিকা সম্পাদক দিলীপ কুমাৰ ভট্টাচাৰ্য আৰু সু-লেখিকা ৰেণু চহৰীয়া শইকীয়াই।

    প্ৰতিষ্ঠা দিৱসৰ সভাখনত উপস্থিত থাকে ৰেণু বৰা, অপূৰ্ব কুমাৰ দাস, মিনাক্ষী গোস্বামী, অঞ্জন কুমাৰ বৰুৱা, ভূধৰ দাস, ৰাজেন্দ্ৰ প্ৰসাদ দাস, বিউটী ফুকন, সবিতা হাজৰিকা আদি কৰি বিশ্বনাথৰ বিশিষ্ট ব্যক্তিসকল।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds